কাইলৈ অম্বুবাচীৰ প্ৰবৃত্তি

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

কাইলৈৰ পৰা অম্বুবাচী। ২২ জুন, মঙলবাৰে দিনৰ ২ বাজি ৬ মিনিট ৭ ছেকেণ্ডত আৰম্ভ হ’ব অম্বুবাচীৰ প্ৰবৃত্তি। ২৫ জুন,শুকুৰবাৰে নিশা ২ বাজি ২৯ মিনিট ৯ ছেকেণ্ডত নিবৃত্তিৰে অন্ত পৰিব অম্বুবাচীৰ। ক’ভিডৰ পৰিপ্ৰেক্ষিতত এইবেলি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত নহয় মহাঅম্বুবাচী মেলা।এইবেলিও অম্বুবাচীত শক্তিপীঠত বন্ধ থাকিব ভক্তৰ সমাগম। জনশূন্য নীলাচলৰ বুকুত সীমাবদ্ধতাৰ মাজত কেৱল পালন কৰা হ’ব ধৰ্মীয় ৰীতি-নীতি।।

You might also like
Leave A Reply

Your email address will not be published.