আজিৰ কেবিনেটত ৫ টা মূল সিদ্ধান্ত

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

???? চোৰাং ব্যৱসায়ীয়ে যচা উৎকোচ প্ৰত্যাখ্যান কৰি ১২ কোটি টকাৰ ড্ৰাগছ ধৰাই দিয়া গৃহৰক্ষী বৰছিং বে’ক অসম আৰক্ষীৰ কনিষ্টবল ৰূপে নিযুক্তি।
????এতিয়াৰে পৰা ৰাজ্যৰ গ্ৰামাঞ্চলৰ চৰকাৰি প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজনীয় মাটি ভূমি পৰামৰ্শদাতা সমিতি (LAC)ৰ অনুমোদনৰ পাছত জিলা উপায়ুক্ত সকলেই আৱন্টন কৰিব পাৰিব। ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত ৰাজহ বিভাগলৈ কোনো ফাইল পঠাব নালাগে।
????হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰত এতিয়াৰে পৰা ক্ষতিগ্ৰস্ত লোকৰ ক্ষতিপূৰণ সংক্ৰান্তীয় বিষয় সমূহ মাণ্ডলিক বন কাৰ্যালয়ৰ সহযোগত প্ৰধান মুখ্য বন সংৰক্ষকে চূড়ান্ত কৰিব।
????পেট্ৰ’লজাত সামগ্ৰীৰ কোম্পানীৰ দ্বাৰা ভূমি অধিগ্ৰহণৰ ক্ষেত্ৰত নগৰাঞ্চলৰ ১০ কিলোমিটাৰ পৰিসৰৰ ভিতৰত প্ৰতি বিঘা ভূমিত ন্যুনতম ১২ লাখ টকা আৰু বাহিৰত প্ৰতি বিঘাত ন্যুনতম ১০ লাখ টকা ক্ষতিপূৰণ আদায় দিব লাগিব।
????ইতিমধ্যে ঘোষণা কৰা মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ সিদ্ধান্তত আজিৰ কেবিনেটত আনুষ্ঠানিক অনুমোদন।।

You might also like
Leave A Reply

Your email address will not be published.