কি চলে তিহাৰ জেলত?

এছিয়াৰ আটাইতকৈ সুৰক্ষিত তিহাৰ কাৰাগাৰৰ নিৰাপত্তাত গাফিলতিৰ অভিযোগ

নেচনেল ডেস্ক:

ছিয়াৰ আটাইতকৈ সুৰক্ষিত তিহাৰ কাৰাগাৰৰ নিৰাপত্তাত গাফিলতিৰ অভিযোগ । জঘণ্য অপৰাধ কৰি আত্মশুদ্ধিৰ বাবে কাৰাগাৰাৰৰ বন্ধ কোঠাৰ ভিতৰত থকা কয়দিয়ে অতি সহজেই লাভ কৰে ড্ৰাগছৰ দৰে বৰবীহ । শুকুৰবাৰে তিহাৰ কাৰাগাৰত চলোৱা এক অভিযানৰ পিছতে ফাদিল হৈছে এই তথ্য । শুকুৰবাৰে তিহাৰৰ ৩ নং কাৰাগাৰত কৰ্তৃপক্ষই এক অভিযান চলোৱাৰ সময়ত উদ্ধাৰ হৈছে ড্ৰাগছ, ব্লেড, টাচস্ক্ৰীণ মোবাইল আৰু চিম কাৰ্ডৰ লগতে আৰু অন্যান্য সামগ্ৰী । ৩ নং কাৰাগাৰাৰ কয়দিসকলৰ কাৰ্যকলাপত সন্দেহ হোৱাত জ্যেষ্ঠ বিষয়াসকলক এই সন্দৰ্ভত অৱগত কৰা হৈছিল বুলি তিহাৰ কৰ্তৃপক্ষ জানিবলৈ দিয়ে । তাৰ পিছতেই কাৰাগাৰৰ ভিতৰত চলিছিল অভিযান। তিহাৰ কাৰাগাৰত মোবাইল ফোন উদ্ধাৰৰ ঘটনা নতুন কথা নহয় যদিও ড্ৰাগছৰ দৰে নিষিদ্ধ দ্ৰব্য উদ্ধাৰৰ বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে কাৰাগাৰখনত।।

You might also like
Leave A Reply

Your email address will not be published.