উত্তৰ প্ৰদেশত উদ্ধাৰ ব্ৰিটিছ যুগৰ ৰূপৰ মুদ্ৰা!

কমেও ২৫১টা ৰূপৰ মুদ্ৰা আৰু ৰূপৰ গহনা উদ্ধাৰ

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ জালাউনত উদ্ধাৰ ব্ৰিটিছ যুগৰ ৰূপৰ মুদ্ৰা। ৰাজ্যখনৰ জলাউন কোতৱালি থানা এলেকাৰ অন্তৰ্গত ব্যাসপুৰা গাঁৱত ঘৰ নিৰ্মাণৰ বাবে মাটি খান্দি থকা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমানৰ ৰূপৰ মুদ্ৰা আৰু খাৰু। উদ্ধাৰ হোৱা ৰূপৰ মুদ্ৰা আৰু খাৰু ১৮৬২ চনৰ বুলি অনুমান কৰা হৈছে। এই মুদ্ৰা আৰু খাৰু ভিক্টোৰিয়াৰ যুগৰ বেংগলৰ ৰাণীৰ বুলি অনুমান কৰা হৈছে। কমেও ২৫১টা ৰূপৰ মুদ্ৰা আৰু ৰূপৰ গহনা উদ্ধাৰ কৰা হয়।

গৃহস্বত্বাধিকাৰী কমলেশ কুশৱাহাৰ পূৰ্বপুৰুষৰ ঘৰ ভাঙি নতুন ঘৰ নিৰ্মাণৰ বাবে খনন কাৰ্যৰ সময়ত শ্ৰমিকসকলে উদ্ধাৰ কৰে এই মুদ্ৰা আৰু ৰূপৰ অলংকাৰ। কুশৱাহাই জনোৱা মতে, শুকুৰবাৰে গভীৰ নিশা শ্ৰমিকসকলে মাটি খান্দি থকা অৱস্থাত শ্ৰমিকৰ বেলচাই এটা পাত্ৰত খুন্দা মাৰে। পুনৰ খনন কাৰ্য অব্যাহত ৰখাৰ পিছত উদ্ধাৰ হয় এই বৃহৎ পৰিমানৰ মুদ্ৰা আৰু গহনা।

ইফালে ৰূপৰ মুদ্ৰা আৰু অলংকাৰসমূহ ১৬১ বছৰ পুৰণি, ব্ৰিটিছ শাসনৰ ১৮৬২ চনৰ বুলি প্ৰত্নতাত্ত্বিক বিভাগৰ এজন বিষয়াই জনায়। উদ্ধাৰ হোৱা কিছুমান মুদ্ৰাত ৰাণী ভিক্টোৰিয়াৰ প্ৰতীক আছিল, আন কিছুমানত তেওঁৰ ছবি আৰু নাম আছিল।।

You might also like
Leave A Reply

Your email address will not be published.