আজি ১২ মাৰ্চ

▶️আজি গেবনৰ ৰাষ্ট্ৰীয় দিৱস।
▶️আজি মৰিচাছৰ স্বাধীনতা দিৱস।
▶️১৯৫৪ চনৰ আজিৰ দিনটোতেই সাহিত্য অকাডেমী প্ৰতিষ্ঠা।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই অসমত জনতা দলৰ মন্ত্ৰীসভা গঠন।
▶️১৯৭৮ চনৰ এই দিনটোতেই অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল গোলাপ বৰবৰা।১৯৭৯ চনৰ ৯ ছেপ্টেম্বৰলৈকে তেওঁ মুখ্যমন্ত্ৰীৰ পদত কাৰ্যনিৰ্বাহ কৰিছিল।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই মুম্বাই (বোম্বাই) ষ্টক এক্সচেঞ্জ আৰু ইয়াৰ সমীপৱৰ্তী এলেকাত আততায়ীৰ বোমা বিস্ফোৰণত প্ৰায় ৩০০ লোক নিহত হোৱাৰ উপৰি সহস্ৰাধিক লোক আহত হোৱাৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই কুৰি শতিকাৰ বিৰল প্ৰতিভাধৰ সংগীতজ্ঞ তথা কিংবদন্তি বেহেলাবাদক ইহুদী মেনুহিনৰ মৃত্যু ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.