এগৰাকী ৪৭ বছৰীয়া মহিলাৰ গৰ্ভধাৰণক লৈ চৰ্চা!

এগৰাকী ৪৭ বছৰীয়া মহিলাৰ গৰ্ভধাৰণক লৈ মহিলাগৰাকীৰ জীয়ৰীৰ এটা পোষ্টে সৃষ্টি কৰিছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া

নিউজ ডেস্ক :

কেৰেলাৰ এগৰাকী ৪৭ বছৰীয়া মহিলাৰ গৰ্ভধাৰণক লৈ মহিলাগৰাকীৰ জীয়ৰীৰ এটা পোষ্টে সৃষ্টি কৰিছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া ।কাহিনীটোত ২৩ বছৰীয়া আৰ্য়া পাৰ্বতী নামৰ যুৱতী গৰাকীয়ে তেওঁৰ ৪৭ বছৰীয়া মাতৃৰ পলমকৈ হোৱা গৰ্ভধাৰণৰ কাহিনীটো প্ৰকাশ কৰিছে সামাজিক মাধ্যমৰ জড়িয়তে । পোষ্টটোত আৰ্য়াই কেনেকৈ মাকৰ পলমকৈ গৰ্ভধাৰণ হোৱাটো প্ৰথমতে তাইৰ বাবে আশ্চৰ্যজনক ঘটনা আছিল যদিও পিছত ভনীয়েকক আদৰিবলৈ পাই তাই আনন্দত আত্মহাৰা হৈ পৰিছিল সেই বিষয়ে উল্লেখ কৰিছে । ২৩ বছৰীয়া আৰ্য়া পাৰ্বতী বাংগালুৰু চহৰত অধ্যয়নৰত এগৰাকী যুৱতী । যুৱতী গৰাকীয়ে পোষ্টটোত উল্লেখ কৰিছে কেনেকৈ এটা ফোনকলে তাইৰ জীৱন সলনি কৰিছিল । বিগত বৰ্ষত ছুটীৰ বাবে ঘৰলৈ উভতি যোৱাৰ কেইদিনমান আগতে তাইৰ দেউতাকৰ পৰা তাইলৈ এটা ফোন আহিছিল । তেওঁ খন্তেকৰ বাবে অস্থিৰ হৈ পৰিছিল আৰু কেইমিনিটমানৰ পাছত কৈছিল ‘আম্মা গৰ্ভৱতী’ । কথাষাৰ শুনাৰ লগে লগে তাই বাকৰুদ্ধ হৈ পৰিছিল । ২৩ বছৰীয়া ছোৱালীজনীয়ে মাক-দেউতাৰ মুখৰ পৰা এইষাৰ কথা শুনিবলৈ পাব বুলি ভবা নাছিল । তাই স্তম্ভিত হৈ পৰিছিল কাৰণ তাইৰ আম্মাৰ বয়স তেতিয়া ৪৭ বছৰ । পোষ্টটোত আৰ্য়াই মনত পেলালে কেনেকৈ তাইৰ মাক-দেউতাকে যথেষ্ট লাজ পাইছিল তাইক খবৰটো দিবলৈ । সেয়ে কথাষাৰ গোপনে ৰাখিছিল তাইৰ পৰা । কেইদিনমান পিছত আৰ্য়া ঘৰলৈ উভতি যাওঁতে তাই নিজৰ আম্মাক দেখি আবেগিক হৈ তেওঁৰ কোলাত শুই পৰিছিল আৰু কান্দিবলৈ ধৰিলে । সেই সময়ত তাই উতফুল্লিত হৈ পৰিছিল কিয়নো তাই সৰুৰে পৰাই তাইৰ সৰু ভাইটি-ভন্টি এটা হোৱাটোৱেই কামনা কৰিছিল । এইদৰে আৰ্য়া পাৰ্বতীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা আবেগভৰা পোষ্টটো জনপ্ৰিয় ফেচবুক চাইট এটাত আজি প্ৰকাশ পোৱাৰ পিছতেই কাহিনীৱে অন্তৰ স্পৰ্শ কৰিছে বহুজনৰে।।

You might also like
Leave A Reply

Your email address will not be published.