নিউজ ডেস্ক: আজি বিশ্ব জল দিৱস। প্ৰতিবছৰৰ ২২ মাৰ্চ তাৰিখে বিশ্বৰ সৰ্বত্ৰে পালন কৰা হয় বিশ্ব জল দিৱস। ১৯৯২ চনত ৰিঅ’ ডি জেনেৰেউ’ত অনুষ্ঠিত সংযুক্ত সাধাৰণ পৰিষদৰ পৰিৱেশ আৰু উন্নয়ন সন্মিলনে বিশ্ব জল দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছল। উক্ত প্ৰস্তাৱ ৰাষ্ট্ৰসংঘই গ্ৰহণ কৰাৰ অন্তত ১৯৯৩ চনত পোন প্ৰথমবাৰৰ বাবে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় বিশ্ব জল দিৱস। বিশ্ব জল দিৱসৰ জৰিয়তে জনসাধাৰণৰ মাজত পানীৰ গুৰুত্ব আৰু ইয়াক সংৰক্ষণ কৰাৰ বিষয়ে সজাগ কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য।পানীৰ তাৎপৰ্য্য আৰু ইয়াৰ সংৰক্ষণৰ ওপৰত আলোকপাত কৰিবলৈ বিশ্ব জল দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে বিশুদ্ধ খোৱাপানীৰ সুবিধা নোহোৱাকৈ জীয়াই থকা লোকসকলৰ সমস্যা সমাধান কৰা। ৰাষ্ট্ৰসংঘৰ চৰকাৰী ৱেবছাইটত উল্লেখ কৰা হৈছে যে ২০২৩ চনৰ বিশ্ব জল দিৱসত জল আৰু অনাময় সংকট সমাধানৰ বাবে পৰিৱৰ্তন ত্বৰান্বিত কৰা হৈছে।পানী সকলোৰে জীৱনৰ এক উল্লেখযোগ্য অংশ। জন্ম হোৱা দিনৰে পৰা আমি জীয়াই থকাৰ বাবে পানীৰ ওপৰত নিৰ্ভৰ কৰি আহিছো। যিহেতু আমি পানীৰ ব্যৱহাৰ আৰু ইয়াৰ উপলব্ধতাৰ প্ৰতি অভ্যস্ত সেইবাবে আমি ইয়াক অতি সহজভাৱে লওঁ। বেছিভাগে লোকেই ইচ্ছাকৃতভাৱে হওঁক বা অনিচ্ছাকৃতভাৱেই হওঁক পানী অপচয় কৰে যিয়ে ভবিষ্যতলৈ আমাৰ বাবে এক সমস্যা হৈ উঠিব পাৰে।মানুহৰ শৰীৰৰ প্ৰায় ৬০ শতাংশ পানীৰে ভৰি থাকে। এইটো বুজাটো অতি প্ৰয়োজনীয় যে পানীৰ দৰে প্ৰাকৃতিক সম্পদসমূহো সুৰক্ষিত আৰু সংৰক্ষণ কৰি ৰখাৰ প্ৰয়োজন কিয়নো জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য মানৱসৃষ্ট ভুলৰ বাবে পৰিৱেশ আৰু পৰিৱেশ তন্ত্ৰ প্ৰভাৱিত হয়। এই সকলোবোৰে পাছলৈ পানীৰ সংকটৰ সৃষ্টি কৰে। যাৰ ফলত কোটি কোটি মানুহৰ জীৱন আৰু জীৱিকাৰ ওপৰত কুপ্ৰভাৱ পৰে। পানীৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰি জনসাধাৰণৰ মাজত সজাগতা অনাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে। আজিৰ দিনটোত পানীৰ অভাৱৰ সৈতে মোকাবিলা কৰিবলৈ বিভিন্ন সংগঠন, বেচৰকাৰী সংস্থা আৰু ব্যক্তিয়ে নিজ নিজ ধৰণেৰে ব্যৱস্থা গ্ৰহণ কৰে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like