প্ৰেমিকৰ প্ৰতাৰণাৰ দৃষ্টান্তমূলক প্ৰত্যুত্তৰ!

স্পেচিয়েল ডেস্ক, এন ই ভাৰত-

এসময়ত আইচক্ৰীম আৰু নেমুপানী বিক্ৰী কৰা মহিলাগৰাকী আজি আৰক্ষীৰ উপপৰিদৰ্শক। ৩১ বছৰীয়া মহিলাগৰাকীৰ নাম এনী শিৱা। বৰ্তমান তেওঁ কেৰেলাৰ তিৰুৱনন্থপুৰমৰ বৰ্কলা আৰক্ষী চকীৰ উপপৰিদৰ্শক। কলেজত পঢ়ি থকাৰ সময়ত নিজৰ পৰিয়ালৰ অ-মতত প্ৰেমিকৰ সৈতে থকা আৰম্ভ কৰে এনীয়ে। সেই সময়তে অন্তঃসত্বা হয় এনী। তেনে অৱস্থাতে এনীক চৰম প্ৰতাৰণা কৰি এৰি যায় প্ৰেমিকে। তাৰ পিছতে আৰম্ভ হয় এনীৰ জীৱন সংগ্ৰাম। পেটৰ তাড়নাত এনীয়ে মছলা- চাবোন আদি বিক্ৰী কৰা আৰম্ভ কৰিলে। এটা বীমা প্ৰতিষ্ঠানৰ এজেন্টৰূপে কৰ্মৰত হোৱাৰ উপৰিও বৰ্কলা অঞ্চলত সন্তানক কোলাত লৈ নেমু পানী আৰু আইচক্ৰীম বিক্ৰী কৰি অলপ অলপকৈ টকা গোটাই সমাজ বিজ্ঞানত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে এনীয়ে। ইয়াৰ পিছতে ২০১৪ চনত আৰক্ষীৰ পৰীক্ষাৰ বাবে এটা প্ৰশিক্ষন কেন্দ্ৰত ভৰ্তি হয় এনী। নিজৰ সন্তানটিৰ সকলো দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে এনীয়ে পৰীক্ষাৰ বাবেও নিজকে প্ৰস্তুত কৰি তুলিছিল। ২০১৬ চনত এনীয়ে পৰীক্ষাত সুখ্যাতিৰে উত্তিৰ্ণ হৈ চাকৰি লাভ কৰিবলৈ সক্ষম হয়। ২০১৯ ত পুনৰ এছ আই পদৰ পৰীক্ষাত অৱতীৰ্ন হয় এনী। এছ আই পৰীক্ষাতো উত্তিৰ্ণ হবলৈ সক্ষম হয় হোৱাৰ পিছতে যি অঞ্চলত ১০ বছৰ পূৰ্বে এনীয়ে নেমু পানী আৰু আইচক্ৰীম বিক্ৰী কৰিছিল সেই অঞ্চলতে আৰক্ষীৰ উপপৰিদৰ্শক ৰূপে নিযুক্তি লাভ কৰি বিৰল নিদৰ্শন ৰচিবলৈ সক্ষম হ’ল।।

You might also like
Leave A Reply

Your email address will not be published.