ব্যৱহাৰৰ পূৰ্বে জানি লওক চিলিণ্ডাৰটোৰ বিষয়ে

সাধাৰণতে LPG চিলিণ্ডাৰৰ ওপৰভাগত কিছুমান সংখ্যা আৰু বৰ্ণ লিখা থাকে। এই বৰ্ণ বা সংখ্যাবোৰে LPG চিলিণ্ডাৰটোৰ ব্যৱহাৰৰ সময়সীমা সূচায়। আমি ব্যৱহাৰ কৰাৰ প্ৰাক মুহুৰ্তত এই সংখ্যা বা বৰ্ণ পঢ়া নিতান্তই জৰুৰী। LPG চিলিণ্ডাৰৰ ওপৰ ভাগৰ ঠাইখিনিত A,B,C,D এই চাৰিটা ইংৰাজী বৰ্ণৰ পিছত দুটা অংকৰ এটা সংখ্যা লিখা থাকে। ইয়ে হৈছে গেছ চিলিণ্ডাৰটোৰ আয়ুস ৰেখা অৰ্থাৎ Expiry date । এই বৰ্ণ চাৰিটাই বাৰ মহীয়া বছৰটোক তিনি মাহকৈ চাৰিটা ভাগত ভাগ কৰে। যেনে-
A- জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ
B- এপ্ৰিল,মে, জুন
C- জুলাই, আগষ্ট, ছেপ্তেম্বৰ
D- অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ।
আনহাতে বৰ্ণৰ পিছত থকা সংখ্যাটোৱে চিলিণ্ডাৰৰ ব্যৱহাৰৰ সময়সীমা অৰ্থাৎ ব্যৱহাৰ কৰিব পৰা শেষৰ বছৰটো নিৰ্ধাৰণ কৰে। যদি চিলিণ্ডাৰটোত লিখা থাকে A-11, ইয়াৰ অৰ্থ হ’ল চিলিণ্ডাৰটো ব্যৱহাৰ কৰা শেষ সময় হ’ল ২০১১ চনৰ জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈ। তেনেদৰে যদি লিখা থাকে B-21, তেন্তে চিলিণ্ডাৰটো ব্যৱহাৰ কৰা শেষ সময় ২০২১ চনৰ এপ্ৰিল মাহৰ পৰা জুন মাহলৈ। এইদৰেই যদি আমি চিলিণ্ডাৰৰ সময়সীমা চাই ব্যৱহাৰ কৰো তেন্তে ৰন্ধন গেছৰ দ্বাৰা সততে হোৱা দূৰ্ঘটনাৰ পৰাও হাত সাৰি থাকিব পাৰিম।।

You might also like
Leave A Reply

Your email address will not be published.