ভয়ংকৰ ঘূৰ্ণীৰ কবলত আমেৰিকা।

ইণ্টাৰনেচনেল ডেস্ক:

য়ংকৰ ঘূৰ্ণীৰ কবলত আমেৰিকা। ঘূৰ্ণীৰ গ্ৰাসত স্থবিৰ আমেৰিকাৰ জন-জীৱন। উপুৰ্যুপৰি ঘূৰ্ণীয়ে কমেও সাতখন ৰাজ্যত বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে তচনচ কৰে গছ-গছনি। ঘূৰ্ণীবতাহৰ ফলত এতিয়ালৈকে মৃত্যু হয় কমেও ২১ গৰাকী লোকৰ। আনহাতে আহত হয় অৰ্ধশতাধিক লোক।

প্ৰাপ্ত তথ্য অনুসৰি, ঘূৰ্ণীৰ ফলত ধ্বংস হয় দুই হাজাৰৰো অধিক বাসগৃহ, শিক্ষানুস্থান। বিদ্যুৎ সংযোগ ব্যাহত হোৱাৰ ফলত প্ৰভাৱিত হয় লাখ লাখ লোক। দুৰ্গত ৰাজ্যসমুহত অব্যাহত আছে উদ্ধাৰ অভিযান।।

You might also like
Leave A Reply

Your email address will not be published.