নিউজ ডেস্ক:
মহানগৰীত সক্ৰিয় চাইবাৰ অপৰাধী। চাইবাৰ অপৰাধীৰ কবলত এজনৰ পাছত আন এজন লোক। এইবাৰ চাইবাৰ অপৰাধীৰ কবলত মহানগৰীৰ এগৰাকী জ্যেষ্ঠ নাগৰিক। চাইবাৰ অপৰাধী চক্ৰটোৱে গীতানগৰৰ এজন ব্যক্তিৰ পৰা লুটি নিলে ৭ লক্ষাধিক টকা। গীতানগৰৰ দীনেশ চন্দ্ৰ দত্ত আৰু তেওঁৰ পত্নীৰ পৰা চাইবাৰ অপৰাধীয়ে সৰকাই নিলে ৭ লাখ ৬১ হাজাৰ টকা। জানিব পৰা মতে দম্পতিহালক বিদ্যুতৰ বিলৰ নামত মেছেজযোগে লাইন কটাৰ ভাবুকি দিছিল চাইবাৰ অপৰাধী চক্ৰটোৱে।
চাইবাৰ অপৰাধী চক্ৰটোৱে অতি চতুৰতাৰে দীনেশ চন্দ্ৰ দত্তৰ একাউণ্টৰ পৰা ৪ লাখ ৩ হাজাৰ ৯০০ টকা সৰকাই নিয়াৰ বিপৰীতে তেওঁৰ পত্নীৰ একাউণ্টৰ পৰা সৰকাই নিয়ে ৩ লাখ ৪৭ হাজাৰ ১০০ টকা। চক্ৰটোৱে দম্পতিহালক প্ৰথমে এটা নম্বৰত ১০০ টকাৰ ৰিচাৰ্জ কৰিবলৈ কৈছিল। নম্বৰটোত ৰিচাৰ্জ কৰাৰ পাছতেই চক্ৰটোৱে একাউণ্টৰ পৰা সৰকাই নিয়ে বৃহৎ পৰিমাণৰ ধনখিনি।।