তামুলপুৰত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰস্তুতি
নৱগঠিত তামুলপুৰ জিলাত অহা ৮ জুন, দেওবাৰে অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক (প্ৰাথমিক) পৰীক্ষা, অৰ্থাৎ চিচি (পি) অনুষ্ঠিত হ’ব। তদুপলক্ষে আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই পৰীক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায় মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সভাখনত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে অসম লোকসেৱা আয়োগৰ নিৰ্দেশনা অনুসৰি সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে পৰীক্ষাটি যাতে সুকলমে অনুষ্ঠিত হয়, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰে। অধ্যক্ষগৰাকীয়েও সমাগত পৰীক্ষাটিৰ নীতি-নিয়ম সম্পৰ্কে বিতংভাৱে আলোচনা কৰে। আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে আইন-শৃংখলাজনিত দিশটোৰ প্ৰতি প্ৰশাসন সচেতন বুলি উল্লেখ কৰে। ৩৩৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’বলগীয়া এই পৰীক্ষা আগবেলা ১০ বজাৰ পৰা ১২ বজালৈ প্ৰথম কাকত আৰু দ্বিতীয় কাকতৰ পৰীক্ষা আবেলি ২ বজাৰ পৰা ৪ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব। পৰীক্ষাৰ্থীসকলে মোবাইল, ইলেক্ট্ৰ’নিক সামগ্ৰী পৰীক্ষাগৃহলৈ নিব নোৱাৰিব আৰু কেৱল নীলা অথবা ক’লা ৰঙৰ চিঞাহীৰ বল পেনহে ব্যৱহাৰ কৰিব পাৰিব। পৰীক্ষা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হ’ব। আজিৰ সভাত জিলা প্ৰশাসনৰ বিষয়াবৰ্গৰ উপৰি পৰীক্ষাৰ লগত নিয়োজিত বিষয়াসকল উপস্থিত থাকে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।