ATMৰ পৰা টকাৰ লেনদেনত ৫ টা নতুন নিয়ম

স্পেচিয়েল ডেস্ক, এন ই ভাৰত

সলনি হ’ব ATMৰ পৰা ধন উলিওৱাৰ নিয়ম। ৰিজাৰ্ভ বেংকে জাৰি কৰিছে ৫টা নতুন নিয়ম। সেই নিয়ম অনুসৰি-
???? ATM ট্ৰেনজ্যেকশ্যনত কটা ধনৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। নগদ আৰু নগদহীন ATMৰ লেনদেনৰ ক্ষেত্ৰত চাৰ্জ বঢ়োৱাৰ অনুমতি প্ৰদান কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। আগন্তুক বৰ্ষৰ পৰা আৰম্ভ হ’ব বৰ্ধিত মূল্যৰ ATM লেনদেনৰ শুল্ক।
???? প্ৰতিটো ট্ৰেনজ্যেকশ্যনত গ্ৰাহকৰ একাউন্টৰ পৰা কটা হ’ব ২১ টকাকৈ। বৰ্তমান ২০ টকাকৈ কটা হয় প্ৰতি ট্ৰেনজ্যেকশ্যনত। ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা বলৱৎ হ’ব এই নিয়ম। প্ৰতি মাহতে গ্ৰাহকে কিছুসংখ্যক ফ্ৰী ট্ৰেনজ্যেকশ্যন কৰিব পাৰে যদিও সেই সীমা অতিক্ৰম কৰিলেই নগদ আৰু নগদহীন লেনদেনৰ ক্ষেত্ৰত ২১ টকাকৈ কটা হ’ব।
????নিজৰ বেংকৰ ATMৰ পৰা ধন উলিৱালে গ্ৰাহকে ৫টা ট্ৰেনজ্যেকশ্যন ফ্ৰীতে কৰিব পাৰিব। অৰ্থাৎ গ্ৰাহকৰ একাউন্টৰ পৰা কোনো টকা কটা নহয়।
???? আন বেংকৰ ATMৰ পৰা ধন উলিৱালেও মাহত ৫ টা ট্ৰেনজ্যেকশ্যন ফ্ৰী হ’ব। মেট্ৰো চেন্টাৰৰ পৰা তিনিটা ট্ৰেনজ্যেকশ্যন আৰু নন মেট্ৰো চেন্টাৰৰ পৰা পাঁচটা ফ্ৰী ট্ৰেনজ্যেকশ্যন কৰিব পাৰিব গ্ৰাহকে।
????তদুপৰি RBIএ ঘোষণা কৰিছে যে ২০২১ চনৰ আগষ্ট মাহৰ পৰা বৃদ্ধি হ’ব ইন্টাৰচেঞ্জ শুল্ক। বিত্তীয় ট্ৰেনজ্যেকশ্যনৰ ক্ষেত্ৰত এই শুল্ক বৃদ্ধি পাব ১৫ টকাৰ পৰা ১৭ টকালৈ। অনাবিত্তীয়(Non Financial) ট্ৰেনজ্যেকশ্যনৰ শুল্ক বৃদ্ধি পাব ৫ টকাৰ পৰা ৭ টকালৈ।।

You might also like
Leave A Reply

Your email address will not be published.