৩০ মে’ৰ পৰা ১৫ জুনলৈ ৰাজ্যজুৰি বিজেপিৰ সাংগঠনিক তৎপৰতাঃ সুভাষ দত্ত

৩০ মে’ৰ পৰা ১৫ জুনলৈ ৰাজ্যজুৰি বিজেপিৰ সাংগঠনিক তৎপৰতাঃ সুভাষ দত্ত

 ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ সভাপতি সাংসদ দিলীপ শইকীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে ভাৰতীয় জনতা পার্টিয়ে ব্যাপক সাংগঠনিক অভিযান আৰম্ভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত “টিম অসম’ৰ সর্বাঙ্গীন বিকাশৰ নিৰবিচ্ছিন্ন প্রয়াসৰ সমান্তৰালভাৱে অসমৰ উজনি-নামনি, বৰাক-ব্রহ্মপুত্র, পাহাৰ-ভৈয়ামৰ সৰ্বস্তৰত দলীয় সংগঠন অধিক শক্তিশালী কৰি এনডিএৰ অংশীদাৰ মিত্রদলসমূহৰ সহযোগত সর্বব্যাপী আৰু সর্বস্পর্শী এক সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্পতে বিজেপি অসম প্রদেশৰ ৬৫ লাখ কাৰ্য্যকর্তাই নিৰবিচ্ছিন্ন প্রয়াস অব্যাহত কৰিছে। আজি এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখপাত্র সুভাষ দত্তই কয়- সদ্যসমাপ্ত গাঁও পঞ্চায়ত আৰু ৰাভাহাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত অভূতপূর্ব বিজয়ৰ পিছত দলে সংগঠনৰ বুথ পৰ্য্যায়ৰ পৰ্য্যালোচনা আৰম্ভ ৰাখিছে। ৰাজ্যখনৰ ২৯,৬৫৬ বুথৰ ভিতৰত প্ৰায় ২৬,৩০৯ টাতকৈ অধিক বুথত দলত সংগঠন শক্তিশালী কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি বিবৃতিত মুখপাত্ৰজনে কয় যে ৰাজ্যৰ ৩৯ খন সাংগঠনিক জিলাতেই বুথ, শক্তিকেন্দ্ৰৰ লগতে মণ্ডল সমূহ অধিক শক্তিশালী কৰাৰ বাবে ভাৰতীয় জনতা পার্টিয়ে তৎপৰতা অব্যাহত ৰাখিছে। সেই উদ্দেশ্য অহা ৩০ মে’ৰ পৰা ১৫ জুনলৈকে ৩৯ খন সাংগঠনিক জিলাত জিলা কাৰ্য্যনির্বাহকৰ সভা অনুষ্ঠিত হ’ব। ইয়াৰ ভিতৰত ভাৰতীয় জনতা পার্টিৰ অসম প্রদেশৰ সভাপতি সাংসদ দিলীপ শইকীয়াই শিৱসাগৰ, চৰাইদেউ, দৰং, উত্তৰ কামৰূপ, ওদালগুৰি, ডিমা হাচাও, তামুলপুৰ জিলাত, উপ-সভাপতি তপন কুমাৰ গগৈয়ে মাজুলী আৰু যোৰহাট জিলাত, উপ-সভাপতি বিজুলী কলিতা মেধিয়ে দক্ষিণ কামৰূপ, গোৱালপাৰা জিলাত, উপ-সভাপতি নব কুমাৰ দলে পূব কাৰ্বি আংলং জিলাত, উপ-সভাপতি জয়ন্ত কুমাৰ দাসে বঙাইগাঁও, দক্ষিণ শালমৰা মানকাচাৰ জিলাত, উপ-সভাপতি অশোক ভট্টৰায়ে মৰিগাঁও, নগাঁও জিলাত, উপ-সভানেত্রী ৰেখা বাণী দাস বড়োবে বজালী জিলাত, উপ-সভাপতি প্রাক্তন সাংসদ ৰাজদ্বীপ বয়ে হাইলাকান্দি জিলাত, সাধাৰণ সম্পাদক পল্লব লোচন দাসে শোণিতপুৰ, বিশ্বনাথ, গুৱাহাটী মহানগৰ জিলাত, সাধাৰণ সম্পাদক পুলক গোঁহাইয়ে লক্ষিমপুৰ, ঢকুৱাখানা জিলাত, সম্পাদক বিধায়ক অজয় ৰায়ে বিলাসীপাৰা জিলাত, সম্পাদিকা তথা অসম চৰকাৰৰ মন্ত্রী নন্দিতা গার্লোচাই কাছাৰ জিলাত, সম্পাদিকা টিনামনি দৈমাৰীয়ে ধুবুৰী জিলাত, সম্পাদিকা অপৰাজিতা ভূঞাই বৰপেটা জিলাত, সম্পাদক কর্ণাড পুৰকায়স্থই শ্রীভূমি জিলাৰ কাৰ্য্যনির্বাহক সভাত অংশগ্ৰহণ কৰাৰ লগতে ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদীয়ে ধেমাজী, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত, ৰাষ্ট্রীয় সম্পাদক সাংসদ কামাখ্যা প্রসাদ তাছাই গোলাঘাট কলিয়াবৰ, হোজাই জিলাত আৰু বাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জি আৰ ৰবিন্দ্র ৰাজুয়ে নলবাৰী, বাক্সা, কোকৰাঝাৰ, চিৰাং, পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্য্যনির্বাহক সভাত অংশগ্রহন কৰি কাৰ্য্যকৰ্তাক মাৰ্গদর্শন কৰিব। ভাৰতীয় জনতা পার্টি, অসম প্রদেশে ইয়াৰ পৰবৰ্তী পৰ্য্যায়ত ১৫ জুনৰ পৰা ২৫ জুনলৈকে অসমৰ ৪৩৩ টা মণ্ডলত মণ্ডল কাৰ্য্যনির্বাহক অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছে। জিলা কাৰ্যৰ্যনিৰ্বাহকৰ সভাত স্বায়ত্বশাসিত পৰিষদ থকা জিলাসমূহে সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপট সম্পর্কে বিশেষ ভাবে আলোচনা কৰিব বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.