পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী কাণ্ডত মৃত্যুবৰণ কৰা এন ৰামচন্দ্ৰণনৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ অৰ্থিক সাহায্য

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী কাণ্ডত মৃত্যুবৰণ কৰা এন ৰামচন্দ্ৰণনৰ পৰিয়ালক মুখ্যমন্ত্ৰীৰ অৰ্থিক সাহায্য
যোৱা এপ্ৰিল মাহত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত নিৰ্মম সন্ত্ৰাসবাদী আক্ৰমণে
সমগ্ৰ ৰাষ্ট্ৰবাসীক মৰ্মাহত কৰি তুলিছে। এই কাণ্ডত প্ৰাণ হেৰুৱা লোকসকলৰ পৰিয়ালৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্রতিজন দুৰ্ভগীয়া পৰিয়ালক ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। 
এই সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত, মুখ্যমন্ত্ৰীৰ হৈ কেবিনেট মন্ত্ৰী কৌশিক ৰায়ে কেৰেলাৰ এৰনাকুলাম জিলাৰ বাসিন্দা স্বৰ্গীয় এন ৰামচন্দ্ৰণনৰ পত্নী শিলা ৰামচন্দ্ৰণন শোকবাৰ্তা পত্ৰ প্ৰদান কৰে আৰু লগতে ৫ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহানুভূতি, সহৃদয়তা আৰু এই সংকটকালীন সময়ত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে তেখেতক ৰামচন্দ্ৰণন পৰিয়ালবৰ্গই ফোনযোগে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে।
এই কাৰ্যসূচীত কেবিনেট মন্ত্ৰীজনৰ সৈতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিব শ্ৰীযুত কৈলাশ কাৰ্তিক ডাঙৰীয়াও উপস্থিত আছিল।
You might also like
Leave A Reply

Your email address will not be published.