ASSAM | Congress holds important meeting in Delhi:  দিল্লীত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

 দিল্লীত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী: সমাগত অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতৃত্বৰ সৈতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল এক বৈঠকত মিলিত হয়। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খাৰ্গে, বিৰোধী দলপতি ৰাহুল গান্ধী, সাংগঠনিক সাধাৰণ সম্পাদক কে. চি. বেণুগোপাল আৰু অসমৰ দায়িত্বত থকা তত্বাৱধায়ক সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এই বৈঠকত অংশগ্ৰহণ কৰে।

বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ লগতে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰা, সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যু বৰদলৈ, প্ৰাক্তন সাংসদ ৰিপুণ বৰা, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰ’জলীনা তিৰ্কী আৰু প্ৰদীপ সৰকাৰো উপস্থিত থাকে। এই বৈঠকত দলৰ সাংগঠনিক স্থিতিৰ লগতে সমাগত নিৰ্বাচনত গ্ৰহণ কৰিবলগীয়া কৌশলগত পদক্ষেপ সম্পৰ্কে আলোচনা কৰা হয়। শীৰ্ষ নেতৃত্বই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকলক বৈঠকত একাধিক দিহা-পৰামৰ্শও প্ৰদান কৰে।

You might also like
Leave A Reply

Your email address will not be published.