ধেমাজিৰ আমগুৰি ওয়েঙীয়াত অঘটন, বাঢ়নি পানীয়ে উটুৱাই নিলে মহিলাক…

চিলাপথাৰৰ আমগুৰি ওয়েঙীয়া গাঁৱত অঘটন। টঙানি নদীৰ বাঢ়নি পানীয়ে উটোৱাই নিলে অঞ্জলি টাইদ নামৰ এগৰাকী মহিলাক । জানিব পৰা মতে, দিনৰ প্ৰায় ১০.৩০ বজাত অন্য এগৰাকী মহিলাৰ লগত মাছ ধৰিবলৈ গৈ নিখোজ হৈছিল মহিলা গৰাকী ।

ইতিমধ্যে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়লৈকে কোনো ধৰণৰ সুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।ইতিমধ্যে এইটো সপ্তাহৰ ভিতৰতে দ্বিতীয়টো ঘটনা সংঘটিত হৈছে ধেমাজিত। ধেমাজিৰ চিচিবৰগাঁৱত বেউৰা নদীৰ বাঢ়নী পানীত পৰি মৃত্যুমুখত পৰিছিল ৰিধি মৰাণ নামৰ এগৰাকী ২ বছৰীয়া কণমানিও।

 

 

You might also like
Leave A Reply

Your email address will not be published.