আৰক্ষীৰ বিৰুদ্ধে ধিঙত উত্তাল প্ৰতিবাদ, শ-শ জনতাই কপালে ৰাজপথ…

ধিঙত ধাৰাবাহিক ভাৱে সংঘটিত হৈ অহা স্প্ৰে’ চোৰৰ সন্ত্ৰাসৰ বাবে ধিং আছুৰ উদ্যোগত ৰূপায়ণ কৰা হয় তীব্ৰ প্ৰতিবাদ ৷ শ’লগুৰি বামগাঁৱত এগৰাকী ৬০ উৰ্ধৰ অকলশৰীয়া মহিলাৰ ঘৰত স্প্ৰে’ চতিয়াই মহিলা গৰাকীক অচেতন কৰি নিৰ্যাতন চলাই ঘৰৰ সা সম্পত্তি লুটি নিয়ে চোৰে ৷

এই ঘটনাৰ ২৪ ঘণ্টাৰ পাৰ নহৌতেই ডুমডুমীয়াৰ গোপাল নাথ আৰু মণিৎ মেধিৰ ঘৰত অনুৰূপ ঘটনা সংঘটিত হয়৷ দুৰ্বৃত্তই স্প্ৰে’চতিওৱাৰ ফলত অচেতন হৈ পৰে দুয়োটা পৰিয়ালৰ সদস্য সকল ৷ ততাতৈয়াকৈ সকলোকে ধিং এফ আৰ ইউত ভৰ্তি কৰা হয় যদিও গোপাল নাথৰ পত্নীৰ অৱস্থা শোচনীয় হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে৷

আজিলৈকে ধিঙত প্ৰায় ১০/১৫ টাকে এনে ঘটনা সংঘটিত হৈছে যদিও আৰক্ষীয়ে অঞ্চলটোৰ ৰাইজক নীৰাপত্তা দিয়াত চুড়ান্ত ব্যৰ্থ হয়৷ ফলত ক্ষুব্ধ ৰাইজে বজাৰ আৰু ৰাজ পথ বন্ধ ৰাখি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ফলত বহু সময়লৈকে ব্যাহত হৈ পৰে অঞ্চলতোৰ স্বাভাৱিক যাতায়ত ব্যৱস্থা৷ ধিং আৰক্ষী আৰু অসম আৰক্ষীৰ বিৰুদ্ধে শ্ল’গান দি ৰাজপথ কঁপাই তোলে শ শ জনতাই । ঘটনাস্থলীত নগাঁও আৰক্ষী অধীক্ষক উপস্থিত হৈ প্ৰতিবাদী ৰাইজক আশ্বাস প্ৰদান কৰাতহে প্ৰতিবাদ স্থগিত ৰাখে ৰাইজে।

You might also like
Leave A Reply

Your email address will not be published.