EDৰ সমূখত হাজিৰ হ’ল ৰিলায়েন্স এডিএ গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ পত্নী টিনা আম্বানী!

বৈদেশিক মুদ্ৰা নীতি উলংঘাৰ গোচৰত EDৰ সমূখত হাজিৰ হ'ল এসময়ৰ বলীউডৰ মোহময়ী অভিনেত্ৰীগৰাকী

নিউজ ডেস্ক:

বৈদেশিক মুদ্ৰা নীতি উলংঘাৰ গোচৰত EDৰ সমূখত হাজিৰ হ’ল এসময়ৰ বলীউডৰ মোহময়ী অভিনেত্ৰী তথা ৰিলায়েন্স এডিএ গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীৰ পত্নী টিনা আম্বানী। মঙলবাৰে বৈদেশিক মুদ্ৰা আইন উলংঘাৰ অভিযোগৰ তদন্তৰ সৈতে জড়িত গোচৰত মুম্বাইৰ ED কাৰ্যালয়ত হাজিৰ হয় টিনা আম্বানী।

খবৰ মতে, সোমবাৰে অনিল আম্বানীয়ে মুম্বাইৰ বেলাৰ্ড এষ্টেট এলেকাত কেন্দ্ৰীয় সংস্থাটোৰ সন্মুখত হাজিৰ হৈ বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা)ৰ বিভিন্ন ধাৰাত পঞ্জীয়ন হোৱা গোচৰটোত লিপিবদ্ধ কৰে নিজৰ বক্তব্য ।জানিব পৰা মতে, টিনা আম্বানীক সোমবাৰে উদ্যোগপতি স্বামীৰ সৈতে কেন্দ্ৰীয় সংস্থাটোৰ সন্মুখত হাজিৰ হ’বলৈ কোৱা হৈছিল যদিও তেওঁ চলিত সপ্তাহৰ শেষলৈকে সময় বিচাৰিছিল। অৱশ্যে পিছত টিনা আম্বানীক নতুনকৈ চমন জাৰি কৰে EDয়ে।

EDয়ে বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা) উলংঘা কৰাৰ অভিযোগত উদ্যোগপতি অনিল আম্বানী আৰু তেওঁৰ পত্নীৰ সৈতে জড়িত বিদেশত বিনিয়োগ আৰু সম্পত্তিৰ তদন্ত চলাই আছে। যোৱা বছৰৰ আগষ্ট মাহত আয়কৰ বিভাগে চুইজাৰলেণ্ডৰ দুটা বেংক একাউণ্টত থকা ৮১৪ কোটিৰো অধিক অপ্ৰকাশিত পুঁজিৰ ৪২০ কোটি টকাৰ কৰ ফাঁকি দিয়াৰ অভিযোগত ক’লা ধন বিৰোধী আইনৰ অধীনত অনিল আম্বানীক চমন জাৰি কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.