খাদ্য সামগ্ৰীৰ দাম শুনিয়েই বজাৰৰ পৰা উভটিছে ক্ৰেতা…

মহানগৰীৰ বজাৰত হোৰাহোৰে বাঢ়িছে খাদ্য সামগ্ৰীৰ দাম। খাদ্য সামগ্ৰীৰ দাম শুনিয়েই বজাৰৰ পৰা উভটিছে ক্ৰেতা। সেউজীয়া শাক- পাচঁলিৰ পৰা আলু-পিয়াঁজলৈ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰবাসীকো। সমগ্ৰ ৰাজ্যত হোৱা কৃত্ৰিম বানপানীৰ পিছতেই সকলো সা – সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ অভিযোগ ক্ৰেতা-বিক্ৰেতা সকলৰ। বজাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম শুনি মূৰে-কঁপালে হাত দিব লগা হৈছে সাধাৰণ জনতাই । পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত দুগুণ বৃদ্ধি পাইছে খাদ্যসামগ্ৰীৰ মূল্য । শাক-পাচলি, আলু-পিয়াঁজৰ সমান্তৰালকৈ বৃদ্ধি পাইছে মাংস, কণীৰো মূল্য । একাংশৰ আকৌ অভিযোগ নিৰ্বাচন পাছতে বৃদ্ধি হৈছে খাদ্য সামগ্রীৰ মূল্য । মূল্যবৃদ্ধিৰ ফলত বিপদ পৰিছে গৃহিনীসকলো ।

নিৰ্বাচনৰ পূৰ্বে প্ৰতি প্লেট কণীৰ মূল্য আছিল ১৫০টকা, আৰু এতিয়া প্ৰতি প্লেট কণীৰ মূল্য ২০০-২১০ টকা । প্ৰতিটো কণীৰ মূল্য ২ টকাকৈ বৃদ্ধি হৈছে । আনহাতে নিৰ্বাচনৰ পিছত গোটা ব্ৰয়লাৰ দাম হৈছে ১৬০-১৮০ টকা আৰু কটা ব্ৰয়লাৰ দাম ৩০০ টকালৈ বৃদ্ধি পাইছে । ঠিক তেনেদৰে বৃদ্ধি হৈছে আলু-পিয়াঁজৰ মূল্য । প্ৰতি কিলো আলু-পিয়াঁজৰ মূল্য বৃদ্ধি পাইছে ৫-৭ টকালৈ ।নিৰামিষ আহাৰো এতিয়া বিলাসী খাদ্য হৈ পৰিছে সাধাৰণ গ্ৰাহকৰ বাবে। একাংশ জনতাই সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰে যে,

যোগান মন্ত্ৰীৰ কথাকো কাণ-সাৰ নিদিয়ে শাক-পাচলি বিক্ৰেতাই। খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সামাজিক মাধ্যমযোগে শাক-পাচলিৰ দাম বৃদ্ধি নকৰিবলৈ আহ্বান কৰাৰ পিছতো হোৰাহোৰে বাঢ়ি আছে আলু-পিয়াজৰ দাম।

জানিব পৰা মতে, বংগ চৰকাৰে সীমান্তত শ শ আলু ভৰ্তি ট্ৰাক আৱদ্ধ কৰি ৰখাৰ সুযোগ গ্ৰহণ কৰি অসাধু চক্ৰই ১০-১৫টকা পৰ্যন্ত বৃদ্ধি কৰিছে আলুৰ দাম। ইফালে এই সুযোগতে আকাশ লংঘী হৈছে পিয়াজৰ মূল্যও। দুদিনৰ আগলৈকে ৪৫-৫০টকা কেজিৰ পিয়াজ, এতিয়া ৰাইজে প্ৰতিকেজিত ৬০টকা দি কিনিব লগা হৈছে।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছিল যে, ৰাজ্যত মজুত আছে প্ৰয়োজনীয় আলু-পিয়াজ। গতিকে ব্যৱসায়ীসকলক জধে মধে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি নকৰিবলৈ আহ্বান জনাইছিল মন্ত্ৰগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে কৰা এই আহ্বানৰ পাছতেই ৰাজ্যত বৃদ্ধি পালে আলু-পিয়াজৰ দাম।

কেইটামান দিনৰ আগলৈকে প্ৰতিকেজিত ৩০টকা মূল্যৰ আলু  এতিয়া বজাৰত প্ৰতিকেজিৰ দাম ৪৫টকা। ইয়াৰ বিপৰীতে ৪৫-৫০টকা কেজিৰ পিয়াজৰ দামো বৃদ্ধি হৈ হলগৈ ৬০টকা। অভাৱনীয় এই মূল্যবৃদ্ধিৰ পাছতে সচেতন জনতাৰ মনত উত্থাপিত হৈছে বহু প্ৰশ্নৰ।বজাৰৰ সামগ্ৰীৰ মূল্যক লৈ সাধাৰণ জনতাই প্ৰশ্ন কৰিছে যে, মন্ত্ৰীয়ে সকলো সামগ্ৰী মজুত আছে বুলি কোৱাৰ পাছতো কিয় সামগ্ৰীৰ দাম এনেকৈ বৃদ্ধি পাইছে!

এইখিনিতে আৰু এটা কথা মন কৰিবলগীয়া যে ,বৰ্তমান দেশৰ মূখ্য চহৰৰ বোৰৰ ভিতৰত আলুৰ দামৰ ক্ষেত্ৰত শীৰ্ষত আছে গুৱাহাটী মহানগৰী। আনহাতে, সুচুৰা ব্যৱসায়ীসকলে সাংবাদিকৰ আগত জনায় যে, এই মূল্যবৃদ্ধিৰ অন্তৰালত ৰাজ্যত হোৱা কৃত্ৰিম বান । বানৰ ফলত খেতি পথাৰৰ শস্য নষ্ট হৈ যায় ,যাৰ ফলত ৰাজ্যৰ বাহিৰৰ পৰা সামগ্ৰীসমূহ আমদানি হৈছে আৰু ইয়াৰ বাবে সকলো সামগ্ৰীৰ দাম অধিক হৈছে।

বৰ্তমান যি কাৰণেই নহওঁক কিয় বজাৰত খাদ্য সামগ্ৰীৰ জুই-ছাই দামে সাধাৰণ জনতাক চিন্তাত পেলাইছে। সাধাৰণ জনতাই নিৰামিষ ভোজনৰ বাবেওঁ এতিয়া চিন্তা কৰিব লগা হৈছে। প্ৰশাসনে দাম নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্হা গ্ৰহণ নকৰিলে সাধৰণ জনতাই এখাজ খোৱা খাদ্যৰ বাবে হতাশত ভূগিবলগীয়া হ’ব ।

 

You might also like
Leave A Reply

Your email address will not be published.