আজি ২৯ জুলাই, আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস…

আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস গোটেই বিশ্বতে বাঘৰ সংৰক্ষণৰ বাবে জনসচেতনা বৃদ্ধিৰ উদেশ্য প্ৰতি বছৰে ২৯ জুলাই তাৰিখে পালন কৰা হয়। ২০১০ চনৰ চেইণ্ট পিটাৰবাৰ্গত অনুষ্ঠিত ব্যাঘ্ৰ অভিবৰ্তনত এই দিৱসৰ আৰম্ভণি হয়। এই দিৱস পালনৰ মুখ্য উদ্দেশ্য হৈছে বাঘৰ প্ৰাকৃতিক আবাসৰ ৰক্ষা কৰা আৰু বাঘৰ সংৰক্ষণৰ বাবে সাধাৰণ মানুহৰ মাজত জনসচেতনা সৃষ্টি কৰি ইয়াৰ সম্পৰ্কে থকা ভুল ধাৰণা আৰু ভয় দূৰ কৰা। প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই দিৱস পালন কৰা হয়। বাঘ ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হোৱাৰ বাবে এই দিৱসৰ মহত্ব বেছি।

আন্তৰ্জাতিক বাঘ দিৱসত প্ৰকাশ পোৱা শেহতীয়া চৰকাৰী তথ্য অনুসৰি,অসমত ২২৭ টা বাঘ আছে। ৰাজ্যখনত ২০০৬ চনত ৭০ টা বাঘ আছিল। ২০১০ চনত বাঘৰ সংখ্যা ১৪৩ লৈ বৃদ্ধি পাইছিল। ২০১৪ চনত, বাঘৰ জনসংখ্যা ১৬৭ লৈ বৃদ্ধি হয়। ২০১৮ চনত ১৯০ আৰু ২০২২ চনত ২২৭ লৈ বৃদ্ধি পাইছিল বাঘৰ সংখ্যা। অসমত চাৰিটা বাঘ সংৰক্ষিত বনাঞ্চল আছে – মানস, কাজিৰঙা, ওৰাং আৰু নামেৰী। মানস,কাজিৰঙা আৰু ওৰাঙত জনসংখ্যা বৃদ্ধি পাইছে কিন্তু নামেৰীত চাৰিৰ পৰা তিনিলৈ হ্ৰাস পাইছে।

পূৰ্বতকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ প্ৰকল্প এলেকাৰ বাঘৰ ঘনত্ব চাই বাঘৰ সংখ্যা বেছি হোৱাৰ কাৰণে কাজিৰঙাৰ পৰা বাঘ ওলাই গৈ আন স্থানত বাসস্থান হিচাপে বাছি লৈছে ৷ বিশেষকৈ উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা কেইবাটাও বাঘ ওলাই আহি হাতীমুৰা পাহাৰ, কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পাহাৰক বাসস্থান হিচাপে বাচি লোৱাও পৰিলক্ষিত হৈছে ৷

You might also like
Leave A Reply

Your email address will not be published.