গুৱাহাটী,২৯জানুৱাৰীঃ অসমীয়াৰ চলচ্চিত্ৰ ইতিহাসৰ বাণিজ্যিক ক্ষেত্ৰত সময় কিছু সময় আছে, যি দৰ্শকৰ মনত আজিও অক্ষয় স্মৃতি হৈ আছে। সেই সময়ত ৰূপালী পৰ্দাত যতীন বৰা, সংগীতত জুবিন গাৰ্গ আৰু পৰিচালনাত মুনীন বৰুৱা। এই তিনিজনৰ সংমিশ্ৰণে অসমীয়া চলচ্চিত্ৰৰ বাণিজ্যিক দিশটোক এসময়ত চূড়ান্ত শিখৰলৈ লৈ গৈছিল। বৃহস্পতিবাৰে নিশা অহা ৬ ফেব্ৰুৱাৰীত মুক্তিলাভ কৰিবলগীয়া নতুন বাণিজ্যিক ছবি ‘অগ্নিবাণ’ৰ ট্ৰেইলাৰটো প্ৰত্যক্ষ কৰি সেই সময়ৰ সুবাস যেন আকৌ এবাৰ অনুভৱ কৰিবলৈ পালো।
যেন সেই সময়খিনিয়ে আকৌ এবাৰ অতীতৰ দুৱাৰ খুলি নীৰৱে ভুমুকি মাৰিলে। মূলতঃ ট্ৰেইলাৰটোৰ যিটো দৃশ্যই বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে, সেইটো হ’ল— যতীন বৰা। বয়স আৰু অভিজ্ঞতাৰে উদ্বুদ্ধ এই শিল্পীগৰাকীয়ে ট্ৰেইলাৰটিত সেই সময়ৰ ৰূপালী পৰ্দা তথা ব্যক্তিত্বক তেওঁ এতিয়াও আগবঢ়াই লৈ গৈছে। যতীন বৰাৰ মুখত আৰু জুবিন গাৰ্গৰ কণ্ঠ একেলগে মিলি দৰ্শকৰ মনত পুৰণি আবেগ জাগ্ৰত কৰিছে। নষ্টালজিয়াৰ সেই আৱেশটোৱেই যেন ‘অগ্নিবাণ’ৰ বাণিজ্যিক প্ৰাণশক্তি।
ইতিমধ্যে ছ’চিয়েল মিডিয়াত বহু কথা-বাৰ্তা, বিদ্ৰূপ আৰু সমালোচনাৰ মাজতো যতীন বৰাই অভিনয়-সচেতনতা, দৃঢ়তা আৰু ৰূপালী পৰ্দাৰ ওপৰত অৱস্থান বজাই ৰাখিছে। ই এক নিৰৱ প্ৰমাণ। অসমীয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শকে অভিনেতাৰ বয়স বা বাহ্যিক গঠনতকৈ অধিক গুৰুত্ব দিয়ে ৰূপালী পৰ্দাত তেওঁৰ উপস্থিতি, অভিনয়ৰ স্থিৰতা আৰু চৰিত্ৰৰ দৃঢ়তাক। এই গুণসমূহ ‘অগ্নিবাণ’ৰ ট্ৰেইলাৰত যথেষ্ট স্পষ্ট ৰূপত ধৰা পৰিছে। ‘অগ্নিবাণ’ৰ ট্ৰেইলাৰত দেখা পোৱা অনুসৰি চলচ্চিত্ৰখনৰ আন এটা মনোমোহা দিশ হ’ল কুলদা কুমাৰ ভট্টাচাৰ্যৰ উপস্থিতি।
দীৰ্ঘদিন ধৰি গুৰু-গম্ভীৰ নাটক আৰু চলচ্চিত্ৰত মৰ্যাদাসম্পন্ন চৰিত্ৰসূলভ অভিনয় কৰি অহা এই শিল্পীগৰাকীক বাণিজ্যিক ৰূপত দেখা পোৱাটো নিশ্চিতভাৱে এক আগ্ৰহজনক অভিজ্ঞতা। কুলদা কুমাৰ ভট্টাচাৰ্যৰ অভিজ্ঞতা আৰু অভিনয়ৰ স্থিৰতাই ট্ৰেইলাৰটোক অধিক বিশ্বাসযোগ্য কৰি তুলিছে আৰু ছবিখন ৰূপালী পৰ্দাত চোৱাৰ প্ৰতি আগ্ৰহো বৃদ্ধি কৰিছে। আনহাতে, ছবিখনৰ জৰিয়তে নতুন প্ৰজন্মৰ লগত এক সেঁতু গঢ়াৰ পৰিকল্পনা স্পষ্ট।
জনপ্ৰিয় অভিনেতা কমল লোচনৰ দৃশ্যবোৰত থকা তীক্ষ্ণতা, মুখৰ ভংগীমা আৰু অভিনয় শক্তি লক্ষ্যণীয়। একেদৰে ৰবি শৰ্মাৰ উপস্থিতিয়ে ছবিখনক সমকালীন সময়ৰ পৰা আগভাগলৈ টানি আনে। পূৰ্বে ৰূপালী পৰ্দাত ৰবি শৰ্মাই অভিনয় কৰা কেইবাটাও কৌতুহলজনক চৰিত্ৰ সম্পৰ্কে ইতিমধ্যে দৰ্শকৰ মনত যিধৰণৰ অনুভৱ গঠিত হৈছে, সেই অনুভৱেই ‘অগ্নিবাণ’ৰ ট্ৰেইলাৰটোক দৰ্শকৰ মাজত কৌতূহলৰ বিষয় কৰি তুলিছে। অৱশ্যে পৰিচালনা-চিত্ৰনাট্য আদিৰ বিষয়ে ছবিখনি চোৱাৰ পাছতহে ক’ব পৰা যাব। কাৰিকৰী দিশত ট্ৰেইলাৰটো পূৰ্বৰ বহু অসমীয়া ছবিৰ তুলনাত অধিক পৰিপক্ব যেন অনুমান হৈছে।
বৰ্তমান ম’বাইলত প্ৰত্যক্ষ কৰিয়েই অনুমান কৰিব পাৰি যে ডাঙৰ পৰ্দাত কাৰিকৰীভাৱে যথেষ্ট উন্নতমানৰ এখন ছবি অসমীয়া চলচ্চিত্ৰপ্ৰেমী দৰ্শকক উপহাৰ দিবলৈ গৈ আছে মণিৰত্ন এণ্টাৰটেইনমেণ্টৰ বেনাৰত প্ৰযোজকদ্বয় শৈলেন কুমাৰ শৰ্মা আৰু ময়ূৰাক্ষী শৰ্মাই। এই সকলো উপাদান মিলি ‘অগ্নিবাণ’ৰ ট্ৰেইলাৰটোৱে অসমীয়া বাণিজ্যিক ছবিৰ ধাৰা অধিক শক্তিশালী হোৱাৰ আগজাননী দিছে। ইয়াত স্মৃতিৰ উষ্ণতা আছে। সময়োপযোগী সমল আছে। বাণিজ্যিকতাৰ স্পৰ্শ আছে আৰু আগলৈ আগবঢ়াৰ সম্ভাৱনাও স্পষ্ট হৈছে।
যদি মূল ছবিখনে এই ধাৰাবাহিকতা, সমন্বয় আৰু শৃংখলাক আঁকোৱালি ল’ব পাৰে, তেন্তে ‘অগ্নিবাণ’-এ অসমীয়াৰ বাণিজ্যিক চলচ্চিত্ৰৰ ক্ৰম-ঐতিহ্যত এক সার্থক চিহ্ন আঁকিবলৈ সক্ষম হ’ব। ই কেৱল আশাৰ কথা নহয়, ট্ৰেইলাৰটিয়ে সেই সম্ভাৱনা স্পষ্ট কৰিছে।