মৰিগাঁৱৰ তিনিখনকৈ হোটেলত খাদ্য সুৰক্ষা বিভাগৰ তীব্ৰ অভিযান…

মৰিগাঁও জিলা খাদ্য সুৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে চহৰখনৰ মাজমজিয়াত থকা বৰভোজ, ভাই-ভাই, অভিষেক নামৰ তিনিখনকৈ হোটেলত চলালে অভিযান । কাৰ্যবাহী দণ্ডাধীশ মৃগনাভ দাস আৰু ডঃ অৱনি পাটৰৰ নেতৃত্বত অভিযান চলোৱা লগতে বিসংগতি পোৱা হোটেল কেইখনত চৈধ্য দিনৰ সময় সীমা বান্ধি দিয়ে হোটেলৰ মালিকক।

ইয়াৰ পূৰ্বেও দণ্ডাধীশ মৃগনাভ দাসৰ নেতৃত্বত জিলা খাদ্য সুৰক্ষা বিষয়া ডঃ অৱনী কুমাৰ পাটৰ সহিতে এটা দলে মৰিগাঁও মাজমজিয়াত থকা হোটেল কোৱালিটি, মন চুইটচ এণ্ড ৰেষ্টুৰেন্ট,ৰোহিত বেকাৰী,জেপিয়া চুইটচ আৰু দিল্লী মহুৰা বিৰিয়ানি নামৰ ব্যৱসায়ী প্ৰতিষ্ঠান কেইখনত হঠাৎ অভিযান চলাই বিসংগতি থকা দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত জাননী জাৰী কৰিছিল।

পুনৰ মৰিগাঁৱত অভিযান চলোৱা সময়ত বিশেষকৈ দৈনিক বজাৰৰ কাষতে থকা অভিষেক হোটলত অস্বাস্থ্যকৰ পৰিবেশত খাদ্য প্ৰস্তুত কৰাৰ প্ৰত্যক্ষ কৰে অভিযান দলটোৱে। ইয়াৰোপৰি আমিষ-নিৰামিষ খাদ্য একেলগে ৰন্ধা, খাদ্য প্ৰস্তুতিৰ সময়ত হেণ্ড গ্লভ পৰিধান নকৰা লগতে আনকি পানী ফিল্টাৰ এটাও নথকাকৈয়ে গ্ৰাহকক খাদ্যৰ নামত বৰবিহ খোৱাই আহিছে হোটেলৰ মালিকে। যাৰ ফলত ১৪ দিনৰ সময় বান্ধি দিয়ে প্ৰশাসনে। যদিহে উক্ত সময়ৰ ভিতৰত প্ৰশাসনে প্ৰদান কৰা নিৰ্দেশনা পৰিপূৰ্ণ নকৰে তেনেহ’লে ব্যৱসায়ীৰ অনুজ্ঞা পত্ৰ বাতিল কৰিব মৰিগাঁও জিলা প্ৰশাসনে।

You might also like
Leave A Reply

Your email address will not be published.