চৰাইহাবি মিছিং গাঁওত বনৰীয়া ম’হৰ সন্ত্ৰাস

বনৰীয়া ম'হৰ লোকেচন ফটো মাৰিলৈ পৰামৰ্শ ৰাইজক

মৰাণৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চৰাইহাবি মিছিং গাঁওত বনৰীয়া ম’হৰ সন্ত্ৰাস । বনৰীয়া ম’হৰ লোকেচন ফটো মাৰি দিবলৈ ৰাইজক পৰামৰ্শ দিলে বন বিভাগে । কিন্তু এতিয়া বনৰীয়া ম’হ বিচাৰি কোনে মাৰিব ফটো, সেইয়াহে ডাঙৰ কথা । বন বিভাগে দায় সৰা মন্তব্য দিয়াত এতিয়া জাঙুৰ খাই উঠিছে চৰাইহাবি মিছিং গাঁওবাসী । খোৱাং আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত চৰাইহাবি মিছিং গাঁৱৰ লগতে কাষৰীয়া কেইবাখনো গাঁৱত সন্ত্ৰাস চলাইছে বনৰীয়া ম’হে । বিগত এটা মাহৰ ভিতৰত বনৰীয়া ম’হৰ আক্ৰমণত দুজন নিহত হোৱাৰ লগতে দুজন লোক আহত হ’বলগীয়া হৈছে । ২৮ জুনত চৰাইহাবি মিছিং গাঁওত গৰু বিচাৰিবলৈ যোৱা এটি ১৪ বছৰীয়া কিশোৰ বনৰীয়া ম’হৰ আক্ৰমণত নিহত হয় । ইয়াৰ পিছতে ২৮ জুলাইত বুঢ়ীখোৱাং গাঁওৰ পথাৰৰ পৰা কাম কৰি আহি থকা অৱস্থাত এজন কৃষকক বনৰীয়া ম’হে আক্ৰমণ কৰি নিহত কৰে । চৰাইহাবি মিছিং গাঁওত বনৰীয়া ম’হৰ ভয়ত ফুট গধুলিতে এতিয়া ঘৰত সোমাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে । সন্ধিয়া গাঁওখনৰ পথটোৰে বনৰীয়া ম’হ বিচৰণ কৰা প্ৰত্যক্ষ কৰিছে গাঁওবাসীয়ে । একাংশ কৃষকে বনৰীয়া ম’হৰ ভয়ত পথাৰলৈ যাবলৈ এৰি দিছে । ইফালে বন বিভাগৰ লোক অঞ্চলটোত উপস্থিত হৈছে যদিও বনৰীয়া ম’হ খেদাবলৈ কোনোধৰনৰ তৎপৰতা গ্ৰহন নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

You might also like
Leave A Reply

Your email address will not be published.