তিনিচুকীয়াৰ পেঙেৰীত NSCN(IM)ৰ কেডাৰসহ জব্দ মাৰণাস্ত্ৰ

তিনিচুকীয়াৰ পেঙেৰীত NSCN(IM)ৰ কেডাৰসহ জব্দ মাৰণাস্ত্ৰ
৩টা হেণ্ড গ্ৰেনেড, পিষ্টলৰ ২টা মেগজিন, ২টা পিষ্টল জব্দ

তিনিচুকীয়াৰ পেঙেৰীৰ ইনথেমত NSCN(IM)ৰ কেডাৰসহ জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ ৷ এজন NSCM(IM)ৰ কেডাৰসহ জব্দ কৰা হৈছে তিনিটা হেণ্ড গ্ৰেনেড, পিষ্টলৰ দুটা মেগজিন,দুটা পিষ্টলৰ লগতে অৰ্ধশতাধিক সজীৱ গুলী ৷ পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নবীন চেতিয়াৰ নেতৃত্বত চলা এক অভিযানত জব্দ মাৰণাস্ত্ৰখিনি ৷ NSCN (IM)ৰ কেডাৰজনক মাৰণাস্ত্ৰসহ তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ ৷ কি পৰিকল্পনাৰে অস্ত্ৰসহ NSCNৰ কেডাৰগৰাকী অসমত প্ৰৱেশ কৰিছিল জানিব পৰা নাই ৷ আৰক্ষীৰ জেৰাত সকলো পোহৰলৈ অহাৰ সম্ভাৱনা৷ উজনিৰ IGP সত্যৰাজ হাজৰিকাই জেৰা চলাব ধৃত কেডাৰজনক ৷

You might also like
Leave A Reply

Your email address will not be published.