কাইটিয়া তাঁৰৰ বেৰৰ বাহিৰত থকা লাফাশ্বাইলত বিপৰীত ছবি!

ব্যুৰ’ ৰিপ’ৰ্ট

প্ৰথমে ছাত্ৰ আন্দোলন পিছে সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণক লৈ বিগত কিছুদিন ধৰি বাংলাদেশত অগ্নিগৰ্ভা পৰিস্থিতিয়ে বিৰাজ কৰি আছে। প্ৰতিবেশী ৰাষ্ট্ৰখনত হিন্দু সকলৰ ওপৰত ঘটা হিংসাত্মক কাৰ্যকলাপত ভয়াৰ্ত বহু লোকে সীমান্ত পাৰ কৰি ভাৰতত সোমোৱাৰ চেষ্টা কৰিছে। কিন্তু কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত এনে পৰিস্থিতি নাই । কাইটিয়া তাঁৰৰ বেৰৰ বাহিৰত থকা গাঁও লাফাশ্বাইলত একে চোতালত ভাৰতীয়লোকসহ বাংলাদেশৰ লোক বসবাস কৰি আছে। বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ প্ৰভাৱ পৰা নাই ইয়াত বসবাস কৰা লোকসকলৰ মাজত। সীমান্তৰ সেইসকল লোকৰ বুজ ল’বলৈ কাইটিয়া তাঁৰৰ বেৰৰ বাহিৰত গৈছিল উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ । কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ কঠোৰ পহৰাৰ বাবে সীমান্তত থকা লোক সকলৰ বাংলাদেশৰ অস্থিৰ পৰিস্থিতি লৈ কোনো আতংক নাই বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

 

You might also like
Leave A Reply

Your email address will not be published.