এগৰাকী ৰোগীৰ মৃত্যুৰ কাৰণ হৈ পৰিল এটা বনৰীয়া হাতী

এগৰাকী ৰোগীৰ মৃত্যুৰ কাৰণ হৈ পৰিল এটা বনৰীয়া হাতী
প্ৰায় এঘণ্টা এম্বুলেঞ্চখন আগচি ধৰি আছিল হাতীটোয়ে

এগৰাকী ৰোগীৰ মৃত্যুৰ কাৰণ হৈ পৰিল এটা বনৰীয়া হাতী। তিনিচুকীয়া জিলাৰ পেঙেৰী-ডিগবৈ সংযোগী পথৰ পেঙেৰী সংৰক্ষিত বনাঞ্চলৰ মাজভাগত এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে আগচি ধৰিলে এখন এম্বুলেন্স। প্ৰায় এক ঘণ্টা সময় এম্বুলেঞ্চখন ৰৈ থাকিব লগীয়া হোৱাত এম্বুলেঞ্চত থকা ৰোগী গৰাকীয়ে সময় মতে নাপালেগৈ চিকিৎসালয়। যাৰ ফলত এম্বুলেঞ্চত থকা বিষ্ণু বস নামৰ ৰোগীজনৰ চিকিৎসালয় পোৱাৰ লগে লগেই মৃত্যু হয়। যুৱ সমাজকৰ্মী সুভাষ তামাঙে নিজৰ এম্বুলেঞ্চ খনত লৈ গৈ আছিল ৰোগীজনক ।

You might also like
Leave A Reply

Your email address will not be published.