নলবাৰীত “গৱেষক ছাত্ৰ-ছাত্ৰীৰ সন্মিলন”

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ দক্ষিণ-পূব এছিয়া অধ্যয়ন কেন্দ্ৰ আৰু অমিয় কুমাৰ দাস সামাজিক অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰ, গুৱাহাটীৰ যৌথ উদ্যোগত দুদিনীয়াকৈ গৱেষক ছাত্ৰ-ছাত্ৰীৰ সন্মিলন(DOCTORAL SCHOLARS’ MEET) অনুষ্ঠিত কৰা হৈছে। ১২ আৰু ১৩ চেপ্তেম্বৰত অনুষ্ঠিত হয় সন্মিলনখন।

সন্মিলনখনৰ উদ্বোধনী ভাষণ আগবঢ়াই কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰহ্লাদ আৰ যোশীয়ে আৰু উদ্দেশ্য বাখ্যা কৰে অনুষ্ঠানটোৰ সঞ্চালক ড৹ পংকজ কুমাৰ শৰ্মাই।উত্তৰ পূৱ ভাৰতৰ শতাধিক গৱেষক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অমিয় কুমাৰ দাস সামাজিক অধ্যয়ন আৰু উন্নয়ন কেন্দ্ৰ, গুৱাহাটীৰ সঞ্চালক ড৹ স্বাস্বতী চৌধুৰী আৰু মুখ্য অতিথি হিচাপে নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক এচি চিডেন উপস্থিত থাকে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা তথা অনা শিক্ষক কৰ্মচাৰী সকল উপস্থিত থকা অনুষ্ঠানটোৰ আঁতধৰে গৱেষক ছাত্ৰ-ছাত্ৰীৰ সন্মিলনৰ সমন্বয়ক অংকুৰজ্যোতি ভূঞাই।

You might also like
Leave A Reply

Your email address will not be published.