Assam | Dr. Mohan Bhagwat: RSSৰ মূল উদ্দেশ্য‌ই হৈছে এখন শক্তিশালী ভাৰত গঢ়ি তোলা – ডা: মোহন ভাগৱত

The main objective of RSS is to build a strong India - Dr. Mohan Bhagwat

RSSৰ মূল উদ্দেশ্য‌ই হৈছে এখন শক্তিশালী ভাৰত গঢ়ি তোলা - ডা: মোহন ভাগৱত

গুৱাহাটী, ১৯ নৱেম্বৰ: পূৰ্ব নিৰ্ধাৰিত ধাৰণা তথা উদ্দেশ্য প্ৰণোদিত প্ৰচাৰৰ আধাৰত RSS লৈ কোনোধৰণৰ সিদ্ধান্তত উপনীত নহ’বলৈ যুৱ শক্তিলৈ আহ্বান RSS সৰসংঘচালক ডাঃ মোহন ভাগৱতৰ। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা সৰসংঘচালক গৰাকীয়ে আজি গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত এক যুৱ নেতৃত্ব সন্মিলনত অংশগ্ৰহণ কৰি অঞ্চলটোৰ যুৱ সমাজক সংঘক ওচৰলৈ আহি নিৰীক্ষণ কৰাৰ আহ্বান জনায়

সমাজৰ বিভিন্ন ক্ষেত্ৰৰ তিনি শতাধিক যুৱ প্ৰতিনিধিক সম্বোধন কৰি সৰসংঘচালক ডাঃ ভাগৱতে RSS নীতি-আদৰ্শ-কৰ্মৰাজিৰ লগতে সংঘক লৈ চলি থকা চৰ্চা সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। নিজৰ বক্তব্যৰ পাতনি মেলি সৰসংঘচালক গৰাকীয়ে কয় যে, সংঘ বৰ্তমানে এক চৰ্চাৰ বিষয়। কিন্তু, যি চৰ্চা হয় সেইয়া সত্য তথ্যৰ ভিত্তিত হোৱা উচিত।

তথ্যৰ উৎসৰ ক্ষেত্ৰত মন্তব্য কৰি তেওঁ কয় যে, বৰ্তমানে উইকিপিডিয়াকে ধৰি একাংশ উৎসত সংঘ সম্পৰ্কীয় উপলব্ধ তথ্যৰ ৫০ শতাংশ‌ই ভুল অথবা অসম্পূৰ্ণ। ইচ্ছাকৃতভাবে সংঘ সন্দৰ্ভত অপপ্ৰচাৰ মিডিয়াত চলি আছে। যুৱ নেতৃত্ব সন্মিলনীত সৰসংঘচালক ডাঃ ভাগৱতে RSS মূল লক্ষ্য আৰু উদ্দেশ্য বৰ্ণন কৰে।

সংঘৰ প্ৰতিষ্ঠাপক ডা° কেশৱ বালিৰাম হেডগেৱাৰৰ প্ৰসংগেৰে তেওঁ কয়– সংঘৰ মূল উদ্দেশ্য‌ হৈছে ভাৰতক বিশ্ব গুৰুৰ আসনত প্ৰতিষ্ঠা কৰোৱা। একমাত্ৰ সমাজৰ উত্থানতহে ৰাষ্ট্ৰৰ উত্থান সম্ভৱ বুলি মন্তব্য কৰি তেওঁ পুনৰ কয়,“একতা আৰু গুণ সম্পন্ন এখন সমাজ তৈয়াৰ হ’লেহে ৰাষ্ট্ৰৰ উত্থান সম্ভৱ হ’ব।” এইক্ষেত্ৰতে উন্নত দেশসমূহৰ ইতিহাস অধ্যয়নৰ বাবে আহ্বান জনাই কয় যে এই দেশসমূহে উন্নতিৰ শিখৰলৈ যোৱাৰ প্ৰাৰম্ভিক এশটা বছৰ নিজ নিজ সমাজখনক একতা আৰু গুণৰ আধাৰত বিকশিত কৰিছিল। ভাৰতৰ সমাজো তেনে হ’ব লাগে। পাকিস্তানত পাঞ্জাবী আৰু সিন্ধীভাষী সকলে উৰ্দু ভাষা ব্যৱহাৰ কৰিবলগীয়া হোৱাৰ কথা উল্লেখ কৰে।

এই বিবিধতাক সন্মান কৰা সকলেই হিন্দু বুলি উল্লেখ কৰি তেনে হিন্দু সমাজক একত্ৰিত কৰাই RSS লক্ষ্য বুলি দোহাৰে। “যেতিয়ালৈকে ভাৰতৰ সমাজ সংগঠিত আৰু গুণবান নহয়, ভাৰতৰ ভাগ্য সলনি নহয়। গুৰু নানক, শ্ৰীমন্ত শংকৰদেৱ আদি যুগনায়ক সকলেও নিজৰ কৰ্মৰাজিৰে ভাৰতৰ এই বিচিত্ৰতাক সন্মান জনাই একতাৰ বাণী বিলাই যোৱাৰ প্ৰসংগ তেওঁ উল্লেখ কৰে। RSS এটা সু-মানৱ প্ৰস্তুতিকৰণ প্ৰণালী বুলি এক সাৱলীল বাখ্যা আগবঢ়ায়। সংঘৰ উদ্দেশ্য হৈছে স্থানীয় পৰ্যায়ত অ-ৰাজনৈতিক, সামাজিক নেতৃত্ব সৃষ্টি কৰা। “ব্যক্তি নিৰ্মাণেই সমাজ পৰিবৰ্তন কৰিব আৰু সমাজ পৰিবৰ্তন হ’লেই ব্যৱস্থাৰ পৰিৱৰ্তন হ’ব।”-ডাঃ ভাগৱতে কয়

সৰসংঘচালক ডাঃ ভাগৱতে দুৰ্নীতি-ভ্ৰষ্টাচাৰ একমাত্ৰ মানুহৰ চৰিত্ৰ নিৰ্মাণেৰে হে সমাপ্ত কৰিব পৰা যাব বুলি মন্তব্য কৰে। একেদৰে, আইনৰ জৰিয়তে গো-ৰক্ষাৰ লগে লগে সমাজত বৈজ্ঞানিকভাৱে গো-পালন হ’লেহে প্ৰকৃত অৰ্থত গো-ৰক্ষা হ’ব বুলি তেওঁ মন্তব্য কৰে। সাম্প্ৰতিক সময়ত ভাৰত ভূখণ্ডৰে উত্তৰ-পূৱক সংযোজিত কৰা চীকেন নেকৰ প্ৰতি অহা ভাবুকিও তল পৰিব বুলি সৰসংঘচালক গৰাকীয়ে উল্লেখ কৰে। “ভাৰতৰ হকে” নীতিৰে নিজৰ দেশক শক্তিশালী কৰাৰ গত্যন্তৰ নাই বুলিও তেওঁ উল্লেখ কৰে। সময়, ৰুচি আৰু ক্ষমতা অনুসৰি সংঘৰ কাম-কাজত ব্ৰতী হ’বলৈ যুৱ শক্তিক আহ্বান জনাই সৰসংঘচালক গৰাকীয়ে স্পষ্ট কৰি দিয়েৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ সমাজৰে এটা অংশ। উত্তৰ পূৰ্বাঞ্চলতো সংঘৰ ভেটি ক্ৰমান্বয়ে সূদৃঢ় হোৱা বুলি সৰসংঘচালক ডাঃ ভাগৱতে উল্লেখ কৰে।

You might also like
Leave A Reply

Your email address will not be published.