বিবাহিত পুৰুষৰ কামনাৰ বলি হ’ল ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী

দুৰ্গা মন্দিৰৰ চৌহদত নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ

ধুবুৰী জিলাৰ গোলকগঞ্জৰ কঠালতলী বজাৰৰ সমিপত এটা মন্দিৰৰ চৌহদৰ ভগ্ন গৃহত নিৰ্মল পাল নামৰ এজন বিবাহিত পুৰুষে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গোলকগঞ্জৰ ছাগলীয়া আৰক্ষী চকীৰ অন্তৰ্গত কৈমাৰী গাঁৱৰ পঞ্চম খণ্ড গাঁৱৰ কঠালতলী বজাৰত সংঘটিত হৈছে এই জঘন্য ঘটনা। যোৱা শনিবাৰে সন্ধিয়া দুৰ্গা মন্দিৰৰ ভোগ দিয়া ঘৰত কোনে লোক নথকাৰ সুযোগ গ্ৰহণ কৰি নাবালিকা গৰাকীক ফুচলাই নি ধৰ্ষণ কৰাৰ অভিযোগ লম্পট নিৰ্মল পালৰ বিৰুদ্ধে। ধৰ্ষণ কৰাৰ কথা ঘৰত নজনাবলৈ নাবালিকা গৰাকীক ভাবুকি প্ৰদান কৰিছিল লম্পট নিৰ্মলে। যোৱা কালি পৰিয়ালৰ লোকে ঘটনাটো গম পোৱাৰ পিছত অৱগত কৰে আৰক্ষীক । ইতিমধ্যে ছাগলীয়া আৰক্ষী চকীত ভুক্তভোগী নাবালিকাৰ পৰিয়ালে দাখিল কৰিছে এজাহাৰ। ছাগলীয়া আৰক্ষীয়ে অভিযুক্ত নিৰ্মল পালক আটক কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

You might also like
Leave A Reply

Your email address will not be published.