ওফন্দি উঠিছে নুমলীগড়ৰ কালিয়নি আৰু দৈগ্ৰোং নদীৰ জলপৃষ্ঠ

নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে জলপৃষ্ঠ

নেৰানেপেৰা বৰষুণৰ পিছতে ওফন্দি উঠিছে নুমলীগড়ৰ কালিয়নি আৰু দৈগ্ৰোং নদীৰ জলপৃষ্ঠ। বহু লোকৰ বাসগৃহ পানীৰ তলত। ভাবুকি আনিছে কানাইঘাটৰ NRLৰ সামগ্ৰী কঢ়িওৱা নতুন দলংখনলৈ। দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ব্যাপক হাৰত বৃদ্ধি পাইছে কালীয়নী আৰু দৈগ্ৰোং নদীৰ জলপৃষ্ঠ। কালীয়নী নৈৰ মাজত আৱদ্ধ হৈ পৰিছে বালি কঢ়িওৱা ডাম্পাৰ। ইফালে কালিয়নী নৈৰ বাঢ়নী পানীত পংকাগ্ৰান্ট,কানাইঘাটৰ কিছু লোকৰ ঘৰ, খেতিপথাৰ পানীত বুৰ গৈছে । বিপদসীমাৰ ওপৰেৰে বৈছে কালীয়নী নৈৰ পানী । যাৰ বাবে NRLৰ সামগ্ৰী কঢ়িওৱা নতুন দলঙখনলৈ আনিছে ভাবুকি।

You might also like
Leave A Reply

Your email address will not be published.