আজি ১৫ জুলাই

১৯৭৭ চনত ৰাধাগোবিন্দ বৰুৱাৰ মৃত্যু।

১৮১৫ চনত ৱাটাৰ্লুৰ যুদ্ধচ পৰাজয় (১৮ জুন) পিছত এই দিনটোতে নেপলিয়ন বোনাপাৰ্টে ব্ৰটিছৰ ওচৰত আত্মসমৰ্পণ  কৰে আৰু  পিছত  তেওঁক ছেন্ট হেলেনা দ্বীপলৈ নিৰ্বাসন কৰা হয়।

১৯০৩ চনত বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা  জাতীয় কংগ্ৰছৰ সভাপতি কুমাৰস্বামী কামৰাজৰ মাদ্ৰাজত জন্ম।

১৯১৯ চনত প্ৰখ্যাত জাৰ্মান ৰসায়নবিদ হেৰমান এমিল ফিছখাৰৰ  মৃত্যু। হেৰমানে ১৯০২ চনত ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

১৯৫৫ চনত পণ্ডিত জৱাহৰলাল নেহৰুলৈ ‘ভাৰতৰত্ন’ সন্মান ঘোষণা ।

১৯৭৫ চনত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ  যুগ্ম মহাকাশ অভিযান এপ’ল  ছয়জ’ৰ বিস্ময়কৰ, অভূতপূৰ্ব সাফল্য।

১৯৭৫ চনত এই দিনটোতে ভাৰতীয় সময় মতে আবেলি ৫ বাজি ৩০ মিনিটত বৈকানুৰৰ মহাকাশ উৎক্ষেপণ কেন্দ্ৰৰ পৰা ছয়ুজ-১৯ যানখন উৎক্ষেপণ কৰাৰ লগে লগে এই অভিযান আৰম্ভ হয়।

১৯৭৭ চনত ৰাধাগোবিন্দ বৰুৱাৰ মৃত্যু।

১৯৮৬ চনত ভাৰতৰ সন্ধ্যা আগৰৱালাৰ মহিলা ক্রিকেট টেষ্টত ১৯০ ৰান সংগ্রহ। ই এক বিশ্ব অভিলেখ।

 

১৯৯৯ চনত ডায়েবেটিছ ৰোগৰ প্ৰতিষেধক হিচাপে এটা মার্কিন সংস্থাৰ কেৰেলা, জামু আৰু বেঙেনাৰ পেটেন্ট গ্রহণ, দেশজুৰি প্রতিক্রিয়া।

২০০১ চনত আগ্রাত পাকিস্তান আৰু ভাৰতৰ ঐতিহাসিক ‘আগ্রা শীর্ষ বৈঠক’ আৰম্ভ।

২০০৭ চনত চণ্ডীগড়ত ধূমপান নিষিদ্ধ, ইয়াৰ দ্বাৰা চণ্ডীগড় দেশৰ প্রথমখন ধূমপানমুক্ত চহৰ ৰূপে পৰিগণিত।

১৯৯৭ চনত পৰিৱেশবিদ মহেশ চন্দ্ৰ মেহতালৈ ৰমণ মেগছেছে বঁটা ঘোষণা।

 

You might also like
Leave A Reply

Your email address will not be published.