আজি ২৪ জুন

⏩২০০৪ চনত প্রথমটো বানত কেইবাখনো নদীৰ মথাউৰি ছিগাৰ ফলত ৰাজ্যৰ সহস্রাধিক গাঁও জলমগ্ন।

⏩১২০৬ চনত  কুটুবুদ্দিন আইবেক দিল্লীৰ চুলতান। দিল্লীত চুলতানী শাসনৰ সূচনা। জীৱনৰ প্ৰথমছোৱা কুটুবুদ্দিন আছিল মহম্মদ ঘোৰীৰ ক্রীতদাস। সেয়ে কুটুবুদ্দিনে প্রতিষ্ঠা কৰা ৰাজবংশটো দাস বংশ ৰূপে ভাৰত বুৰঞ্জীত জনাজাত। দাস বংশৰ শাসনকাল আছিল ১২০৬ চনৰ পৰা ১২৯০ চন পর্যন্ত।

 

⏩১৮৬৯ চনত ভাৰতৰ প্ৰথম সশস্ত্র বিপ্লৱী ৰূপে আখ্যাত দামোদৰ হৰি ছাপেৰকাৰৰ জন্ম।

 

⏩১৯৪৬ চনত প্রথম অসমীয়া মহিলা আলোচনী ‘ঘৰ জেউতি‘ৰ সম্পাদক কমলালয়া কাকতিৰ মৃত্যু।

 

⏩১৯৬৩ চনত ভাৰতত টেলেক্স সেৱা আৰম্ভ।

 

⏩১৯৭৬ চনত ভিয়েটনাম যুদ্ধৰ অৱসান। উত্তৰ আৰু দক্ষিণ ভিয়েটনাম যুক্ত হৈ গঠন হয় ছ’চিয়েলিষ্ট ৰিপাব্লিক অব্ ভিয়েটনাম বা ভিয়েটনাম ৰাষ্ট্ৰ।

 

⏩১৯৮০ চনত  ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ (ভি ভি গিৰি নামে পৰিচিত) মাদ্রাজত (চেন্নাই) মৃত্যু। ১৯৬৯ চনৰ পৰা ১৯৭৪ চনলৈকে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যনিৰ্বাহ কৰে।

 

⏩১৯৮৪ চনত কানাড়া সাহিত্যিক মাস্তি ভেংকটেশ আয়েংগাৰলৈ ১৯৮৩ চনৰ ভাৰতীয় জ্ঞানপীঠ বঁটা।

 

⏩১৯৯১ চনত ভাৰতৰ বৃহত্তম ৰাজ্য উত্তৰ প্ৰদেশত প্ৰথমবাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন। মুখ্য মন্ত্ৰী হয় কল্যাণ সিং।

 

⏩২০০৪ চনত প্রথমটো বানত কেইবাখনো নদীৰ মথাউৰি ছিগাৰ ফলত ৰাজ্যৰ সহস্রাধিক গাঁও জলমগ্ন।

You might also like
Leave A Reply

Your email address will not be published.