আজি ২৫ জানুৱাৰী

১৯৯৮ চনত কণ্ঠশিল্পী দীপালী বৰঠাকুৰলৈ পদ্মশ্রী সম্মান

 

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস।

হিমাচল প্রদেশ দিৱস।

১৬২৭ চনত বিজ্ঞানী ৰবাৰ্ট বয়লৰ জন্ম।

১৮২৪ চনত বংগৰ প্ৰসিদ্ধ কবি মধুসূদন দত্তৰ জন্ম। ১৮৮৩ চনত খ্রীষ্টান ধর্ম গ্রহণ কৰি তেওঁ মাইকেল মধুসূদন দত্ত নাম লয়।

১৮৭৪ চনত কুৰি শতিকাৰ জনপ্রিয় লেখক, নাট্যকাৰ আৰু ঔপন্যাসিক ছমাৰছেট মমৰ জন্ম। ‘দা মুন এণ্ড ছিক্স পেন্স’, ‘হিউমেন ব’ণ্ডেজ’ আদি তেওঁৰ প্ৰসিদ্ধ ৰচনা।

১৯২৬ চনত সংগীতজ্ঞ দিলীপ শৰ্মাৰ জন্ম।

১৯৭১ চনত হিমাচল প্ৰদেশৰ পূৰ্ণৰাজ্যৰ মৰ্যাদা লাভ।

১৯৭৫ চনত শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ ৰাষ্ট্ৰপতি।

১৯৮০ চনত ভাৰত চৰকাৰৰ অসামৰিক সম্মান ভাৰতৰত্ন আৰু পদ্ম সম্মান পুনৰ প্ৰৱৰ্তন। ১৯৭৭ চনৰ ৮ আগষ্টৰ পৰা এই সন্মান প্রদান বন্ধ ৰখা হৈছিল।

১৯৯৮ চনত কণ্ঠশিল্পী দীপালী বৰঠাকুৰলৈ পদ্মশ্রী সম্মান।

২০০৫ চনত  অসমত মুঠ ৩০ লাখ বাংলাদেশী আছে বুলি ৰাজ্যপাল অজয় সিঙৰ ঘোষণা।

 

You might also like
Leave A Reply

Your email address will not be published.