আজি ৩০ মে’

আজি ক্রোবেচিয়াৰ ৰাষ্ট্ৰীয় দিবস।

১৪৩১ চনত ফৰাচী দেশপ্রেমিক আৰু জাতীয় বীৰাংগনা জোৱান অব্ আর্কক ‘ডাইনী’ আখ্যা দি জীৱন্তে দাহ।

১৭৪৪ চনত ইংৰাজ কবি আলেকজেণ্ডাৰ পোপৰ মৃত্যু। ১৭৭৮ ফৰাচী প্ৰবন্ধকাৰ, সাহিত্যিক, দার্শনিক ভল্টেয়াৰৰ (সম্পূর্ণ নাম ফাঁছোৱা মাৰি আৰুয়েট ভল্টেয়াৰ) মৃত্যু।

১৯১৯ চনত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘নাইট’ উপাধি ত্যাগ।

১৯২৬ চনত মার্কিন চিকিৎসক ক্রিষ্টিন জোৰগেনছেনৰ জন্ম। তেৱেই আমেৰিকাৰ প্ৰথম পুৰুষ- যি অস্ত্রোপচাৰৰ দ্বাৰা পিছত নাৰীলৈ ৰূপান্তৰিত হয়।

১৯৬০ চনত ৰাছিয়াৰ কবি-সাহিত্যিক বৰিছ পাষ্টেৰনাকৰ মৃত্যু। ১৯৫৮ চনত পাষ্টেৰনাকলৈ সাহিত্যৰ নোবেল বঁটা যচা হয় যদিও তেওঁ প্রত্যাখ্যান কৰে।

১৯৮৭ চনত ভাৰতৰ ২৫তম অংগৰাজ্য ৰূপে গোৱাৰ স্বীকৃতি। ২০০১ বিভিন্ন দেশৰ ৰাজহুৱা স্থানত চিগাৰেট সেৱনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আইন প্ৰণয়নৰ নিৰ্দেশ।

২০০২ চনত জাপান আৰু দক্ষিণ কোৰিয়াত সপ্তদশ বিশ্বকাপ ফুটবল প্রতিযোগিতা আৰম্ভ। এছিয়াত অনুষ্ঠিত এই প্রথম বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠান হয় দক্ষিণ কোৰিয়াৰ ছিউলত। ১৯৯৮ চনৰ বিশ্বকাপ চেম্পিয়ন ফ্রান্স প্রথমখন খেলতে ছেনেগালৰ হাতত পৰাস্ত।

You might also like
Leave A Reply

Your email address will not be published.