আজি ৩১ আগষ্ট

১৫৬৯ চতুর্থ মোগল সম্রাট জাহাংগীৰৰ জন্ম।

১৮৭০ ইটালীৰ শিক্ষাবিদ মাৰিয়া মণ্টেছৰীৰ জন্ম।

১৯১২ বুৰঞ্জীবিদ হেৰম্বকান্ত বৰপূজাৰীৰ জন্ম।

১৯১৯ জ্ঞানপীঠ বঁটা বিজয়ী পঞ্জাবী সাহিত্যিক অমৃতা প্রীতমৰ জন্ম।

১৯৫৬ ভাৰতৰ ৰাজ্য পুনৰ গঠন বিধেয়কত ৰাষ্ট্ৰপতিৰ সন্মতি।

১৯৬২ ত্রিনিদাদ আৰু টোবেগোৰ স্বাধীনতা লাভ।

১৯৮৩ আমেৰিকাৰ মহাকাশযান ‘চেলেঞ্জাৰ’ৰ সহায়ত ভাৰত এটা উল্লেখযোগ্য সফল উপগ্রহ INSAT-IB আমেৰিকাৰ ফ্ল’ৰিডাৰ কেপ কাৰনাভাৰেলৰ পৰা সফলতাৰে উৎক্ষেপণ আৰু পৃথিৱীৰ পৰা ৩৫,৬৮০ কিলোমিটাৰ উচ্চতাৰ ভূ-স্থিৰ কক্ষপথত স্থাপন। এইটো উপগ্রহ নিৰ্ধাৰিত সাত বছৰতকৈ অধিক কাল কক্ষপথত থাকে।

১৯৮৭ সাংবাদিক হৰেন্দ্ৰনাথ বৰুৱাৰ মৃত্যু।

১৯৯৭ পেৰিছত হোৱা এক মটৰ দুৰ্ঘটনাত ইংলেণ্ডৰ ৰাজকুমাৰী ডায়েনাৰ মৃত্যু।

২০০৩ বিশ্ব এথলেটিক্ চেম্পিয়নশ্বিপত ভাৰতীয় এথলীট অঞ্জু ববী জৰ্জৰ ব্ৰঞ্জৰ খিতাপ অর্জন।

২০০৫ আগষ্ট মাহৰ শেষৰ সপ্তাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাৰখন প্রদেশক চুই যোৱা ‘কাট্ৰিনা’ নামৰ ধুমুহাজাকে এই আটাইকেইখন প্রদেশত ধ্বংস-কার্য সংঘটিত কৰে। ইয়াৰে নিউ আৰ্লিয়েন্স চহৰখন ধুমুহাৰ পিছত অহা বৰষুণৰ ফলত সম্পূর্ণরূপে ডুব যায়। প্রায় ২০ ফুট উচ্চতালৈ পানী উঠা চহৰখন সম্পূৰ্ণৰূপে ধ্বংস হৈ মৃত মহানগৰলৈ ৰূপান্তৰিত হয়। ক্ষয়-ক্ষতিৰ পৰিমাণ প্রায় ২,৬০০ কোটি টকা।

 

You might also like
Leave A Reply

Your email address will not be published.