আজি ১৭ আগষ্ট

১৭৬১ ভাৰতত বসবাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ জন্ম।

১৭৮৬ পুছিয়াৰ ৰজা দ্বিতীয় ফ্রেডৰিক বা ফ্রেডৰিক দি গ্ৰেটৰ মৃত্যু।

১৯৪৭ ভাৰত স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়নৰ স্বদেশ অভিমুখে যাত্রা।

১৯৬০ আফ্ৰিকাৰ দেশ গেবনৰ স্বাধীনতা।

১৯৮৮ বিমান দুর্ঘটনাত পাকিস্তানৰ ৰাষ্ট্ৰপতি জিয়াউল হকৰ মৃত্যু।

১৯৯৯ তুৰস্কত প্রচণ্ড ভূমিকম্প। ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন।

২০০১ অসমৰ ঠায়ে ঠায়ে বুট-মণ্ড খাই সহস্রাধিক লোক আক্রান্ত। ৰাজ্যত বুট-মণ্ডৰ বিক্ৰী বন্ধ।

১৯৩২ নোবেল জয়ী সাহিত্যিক বিদিয়াধৰ সূৰ্যপ্ৰসাদ নাইপলৰ জন্ম।

২০০১ ১৬ বছৰৰ বিৰতিৰ মূৰত ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্ট মেচত শ্রীলংকা বিজয়ী।

২০০২ গুৱাহাটীত কেন্দ্রীয় মন্ত্রী প্রমোদ মহাজনৰ এক সামুহিক তথ্য কেন্দ্র স্থাপন।

২০০৩ পাকিস্তানী ছবি ‘খামোচ পানী’ত কৰা অভিনয়ৰ বাবে কিৰণ খেৰৰ লোকানো চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ অভিনেত্ৰীৰ সন্মান অর্জন।

You might also like
Leave A Reply

Your email address will not be published.