আজি ১৮ ছেপ্টেম্বৰ

১৭০৯ ইংৰাজ ভাষাতত্ত্ববিদ, কবি, সমালোচক ছেমুৱেল জনছনৰ জন্ম।

২০০৭ মাৰুতি উদ্যোগ লিমিটেডৰ নাম সলনি। নতুন নাম মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেড।

১৯২৪ হিন্দু-মুছলমানৰ ঐক্যৰ হকে মহাত্মা গান্ধীৰ অনশন আৰম্ভ। গান্ধীৰ এই অনশন ২১ দিন চলিছিল।

১৯৬৭ ইংৰাজী ভাষাক নাগালেণ্ডৰ চৰকাৰী ভাষা ৰূপে গ্রহণ। ১৯৮৮ ব্রহ্মদেশত সেনা অভ্যুত্থান আৰু দেশখনৰ নিয়ন্ত্ৰণ সেনাৰ হাতলৈ। দেশখনৰ নামো সলনি হয়। নতুন নাম ম্যানমাৰ।

১৯৯১ ছোভিয়েট যুক্তৰাষ্ট্ৰৰ পৰা বিচ্ছিন্ন হোৱা দেশ লাটভিয়া, এষ্টোনিয়া আৰু লিথুৱানিয়া ৰাষ্ট্ৰসংঘৰ সদস্য।

১৯৫৯ ভাৰতীয় চলচ্চিত্ৰৰ প্ৰতিভাময়ী অভিনেত্রী শ্বাৱানা আজমীৰ জন্ম।

You might also like
Leave A Reply

Your email address will not be published.