আজি ১ ছেপ্টেম্বৰ

১৭১৫ ফ্ৰান্সৰ ৰজা চতুৰ্দশ লুইৰ মৃত্যু ।

১৮৯৪ ভূ-দান আন্দোলনৰ নেতা ৱিনোৱা ভাৱেৰ জন্ম ।

১৯২৩ জাপানত প্রবল ভূমিকম্প। প্রায় ১,৪৩,০০০ লোকৰ মৃত্যু ।

১৯৪২ ৰাসবিহাৰী বসুৰ উদ্যোগত ইণ্ডিয়ান নেচনেল আৰ্মীৰ (পিছলৈ আজাদ হিন্দ ফৌজ) প্রতিষ্ঠা ।

১৯৪৭ ভাৰতীয় মান সময়ৰ (Indian Standard Time) সংক্ষেপে IST) প্ৰৱৰ্তন ।

১৯৫০ প্রসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ মৃত্যু। ‘পথেৰ পাঁচালি’ তেওঁৰ স্মৰণীয় সৃষ্টি ।

১৯৫৬ জীৱন বীমা নিগম গঠন ।

১৯৯৭ লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) শ্রীনিবাস কুমাৰ সিন্হাৰ অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ । ২০০৩ চনৰ ২৯ মে’লৈকে তেওঁ অসমৰ ৰাজ্যপাল ৰূপে কার্যনির্বাহ কৰে ।

২০০২ নাট্যকাৰ-পৰিচালক বি ভি কাৰান্থৰ জীৱনাৱসান । ২০০৪ অসম ৰাজ্যিক পথ পৰিবহণ নিগমৰ উদ্যোগত দ্রুতবেগী ভভো বাছসেৱাৰ পৰীক্ষামূলক যাত্ৰা আৰম্ভ ।

আত্মঘাতী চেচেন বিদ্রোহীৰ দ্বাৰা ৰাছিয়াৰ বেছলান চহৰৰ এখন স্কুলত দুশ ছাত্র-ছাত্রীসহ চাৰিশজনক পণবন্দী।

You might also like
Leave A Reply

Your email address will not be published.