আজি ১১ আগষ্ট

➡️১৩৪৭ আলাউদ্দিন হাছানৰ বাহমনি সাম্রাজ্য প্রতিষ্ঠা।

➡️১৮৫৮ বিশিষ্ট চিকিৎসা-বিজ্ঞানী খ্রীষ্টিয়ান আইজকমেনৰ নেদাৰলেণ্ডছত জন্ম। ১৯২৯ চনত তেওঁ চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯০৮ বিনা বিচাৰে বিপ্লৱী ক্ষুদিৰাম বসুৰ ফাঁচি।

➡️১৯৬১ দাদৰ আৰু নগৰ হাভেলীৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল ৰূপে স্বীকৃতি লাভ।

➡️১৯৯৮ নগাঁৱৰ থেকেৰাগুৰিৰ তৈলভাণ্ডাৰৰ বিস্ফোৰণ, বিস্তৰ ক্ষতি।

➡️১৯৯৯ শতিকাৰ অন্তিম পূর্ণগ্রাস সূর্যগ্রহণ। ভাৰতত দৃশ্যমান।

➡️১৯৯৯ ভাৰতৰ প্ৰাক্তন টেষ্ট খেলুৱৈ ৰমানাথ পাৰ্কাৰৰ মৃত্যু।

➡️১৯৯৯ বিশিষ্ট সাহিত্যিক সাহিত্যাচার্য সত্যেন্দ্রনাথ শৰ্মাৰ মৃত্যু।

➡️২০০৩ ২০০৫ চনৰ ৰাষ্ট্ৰীয় ক্রীড়াৰ দায়িত্বৰ পৰা ৰাজ্য চৰকাৰৰ আযুক্ত সচিব এম জি ভি কে ভানুক অপসাৰণ।

➡️২০০৪ প্রত্যক্ষভাৱে ৰাইজৰ অভাৱ-অভিযোগ শুনাৰ বাবে প্রধান মন্ত্রী মনমোহন সিঙৰ ‘জনতা দৰবাৰ’ আৰম্ভ।

➡️২০০৫ সংগীত পৰিচালক পার্থপ্রতিম চৌধুৰীৰ মৃত্যু।

➡️২০০৭ ভাৰতৰ ত্ৰয়োদশ উপ-ৰাষ্ট্ৰপতি ৰূপে মহম্মদ হামিদ আনছাৰীৰ শপত গ্ৰহণ।

You might also like
Leave A Reply

Your email address will not be published.