আজি ৩০ আগষ্ট

আজি ৩০ আগষ্ট

➡️১৭৯৭ ইংৰাজ কবি শ্বেলীৰ পত্নী মেৰী বলষ্টনক্রেফট গডউইন শ্বেলীৰ জন্ম। ‘ফ্রেংকেনষ্টাইন’ তেওঁৰ প্ৰসিদ্ধ ৰচনা।
➡️১৮৫২ নেদাৰলেণ্ডছৰ প্ৰখ্যাত বিজ্ঞানী যাকোবুছ হেন্দ্ৰীৰ জন্ম। ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰা (১৯০১) তেৱেঁই প্রথম বিজ্ঞানী।
➡️১৮৭০ কবি-সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ জন্ম। : ১৮৭১ পৰমাণু বিভাজনৰ অন্যতম পথ প্রদর্শক লর্ড আর্নেষ্ট ৰাডাৰফোৰ্ডৰ জন্ম। ১৯০৮ চনত তেওঁ ৰসায়ন-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৩৬ ভাৰতৰ ৰাজনৈতিক কর্মী মাডাম ৱিকাজী কামাৰ মৃত্যু।
➡️১৯৪০ ইংৰাজ পদার্থ-বিজ্ঞানী, ইলেক্ট্রনৰ আৱিষ্কাৰক ছাৰ যোছেফ জন টমছনৰ মৃত্যু।
➡️১৯৯৭ অসমৰ ৰাজ্যপাল লোকনাথ মিশ্ৰৰ অসমৰ পৰা প্রত্যাগমন।
➡️২০০০ সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ মৃত্যু।
➡️২০০৩ অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্রী গেগং আপাঙৰ লগতে ৩১ গৰাকী কংগ্ৰেছ (ডি) বিধায়কৰ বিজেপিত যোগদান।

You might also like
Leave A Reply

Your email address will not be published.