আজি ২০ জুলাই

আজি ২০ জুলাই

⏩কলম্বিয়াৰ স্বাধীনতা দিবস।
⏩১৩০৪ ইটালীৰ কবি, পণ্ডিত পেট্টাৰ্কৰ জন্ম।
⏩১৯৫০ ভাৰতীয় ছবিজগতৰ শক্তিশালী অভিনেতা নাছিৰুদ্দিন শ্বাহৰ জন্ম। অর্ধশতাধিক ছবিত অভিনয়, অসামান্য পাৰদৰ্শিতা প্রদর্শন। পদ্মবিভূষণ (২০০৩), একাধিকবাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ। ১৮৯৮ সংস্কৃত পণ্ডিত আৰু ভাষাতাত্ত্বিক কৃষ্ণকান্ত এডমাণ্ড হিলাৰী সন্দিকৈৰ জন্ম।
⏩১৯০৫ সংসদৰ বংগ বিভাজনত অনুমোদন। এই অনুমোদনৰ পৰিপ্ৰেক্ষিতত ১৬ অক্টোবৰত বংগ বিভাজন হয়, পূব অংশৰ নাম পূর্ববংগ আৰু পশ্চিম অংশৰ নাম পশ্চিমবংগ। এই বিভাজন ১৯১১চনলৈকে বাহাল থাকে।
⏩১৯১৯ প্রখ্যাত পৰ্বতাৰোহী এডমাণ্ড হিলাৰীৰ নিউজীলেণ্ডৰ অকলেণ্ডত জন্ম। টেনজিং নৰ্গেৰ লগত তেওঁ প্রথম এভাৰেষ্ট জয় কৰিছিল।
⏩১৯৩৭ ইটালীৰ পদার্থবিদ, অনাতাঁৰৰ উদ্ভাৱক গুগ্নিয়েলমো মার্কনীৰ মৃত্যু।
⏩১৯৫১ জর্ডানৰ ৰজা আব্দুল্লা আততায়ীৰ হাতত নিহত।
⏩১৮৬৭ ছুইডেনৰ কবি এৰিক এক্সেল কার্লফেল্টৰ জন্ম। কার্লফেন্টে ১৯৩১ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে। কিন্তু আনুষ্ঠানিকভাৱে নোবেল বঁটা গ্ৰহণ কৰাৰ আগতেই তেওঁৰ মৃত্যু হয়। কোনো মৃত ব্যক্তিক সাহিত্যৰ নোবেল বঁটা প্ৰদানৰ কথা আলফ্রেড নোবেলে তেওঁৰ উইল বা ইচ্ছাপত্ৰত উল্লেখ কৰি যোৱা নাই যদিও তেওঁ উইলত এটা কথা উল্লেখ কৰি গৈছে যে যদিহে মৃত্যুৰ আগতে সাহিত্যিকগৰাকীয়ে তেওঁৰ নাম বাছনিভুক্ত হোৱা বুলি জানিব পাৰে, তেনেহ’লে তেওঁক সাহিত্যৰ নোবেল বঁটা প্ৰদান কৰিব পৰা যাব। এই বিধি অনুসৰিয়েই কার্লফেল্টক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হয়।
⏩১৯৬৯ এপলো-১১ নামৰ মহাকাশযানত উঠি মার্কিন মহাকাশযাত্রী নীল আর্মস্ট্রং আৰু এডুইন এলড্ৰিনৰ চন্দ্ৰত অৱতৰণ।
⏩১৯৬৯ মহম্মদ হেদায়েতুল্লাৰ ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ।
⏩২০০২ ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ।

You might also like
Leave A Reply

Your email address will not be published.