➡️১৫৮০ ইংৰাজ নৌ অভিযাত্রী ফ্রান্সিছ ড্ৰেকৰ পৃথিৱী পৰিক্ৰমা সম্পূর্ণ।
➡️১৮২০ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ জন্ম।
➡️১৮৮৮ মার্কিন কবি, সমালোচক, নাট্যকাৰ টি এছ ইলিয়টৰ জন্ম।
➡️১৯৩২ ভাৰতৰ প্ৰধান মন্ত্রী মনমোহন সিঙৰ জন্ম।
➡️১৯৭৭ আন্তর্জাতিক খ্যাতিসম্পন্ন নৃত্যশিল্পী উদয় শংকৰৰ মৃত্যু।
➡️১৯৭৯ চৌধুৰী চৰণ সিঙক সভাপতি আৰু বাজ নাৰায়ণক কাৰ্যকৰী সভাপতি ৰূপে লৈ নতুন ৰাজনৈতিক দল লোকদলৰ গঠন।
➡️১৯৮১ পেছাদাৰী মহিলা টেনিছ খেলুৱৈ ছেৰেনা উইলিয়াম্ৰ জন্ম। ৯টা একক, ৭টা মহিলা ডাবল আৰু দুটা মিক্সড ডাবল খিতাপেৰে মুঠ ১৮টা গ্ৰেণ্ড শ্লামৰ অধিকাৰী। সম্পূর্ণ নাম ছেৰেনা জামেকা উইলিয়াম্ছ। মহিলাৰ ডাবল্ঞ্ছত দুবাৰ অলিম্পিকত সোণৰ পদক লাভ।
➡️১৯৮৯ খ্যাতনামা কণ্ঠশিল্পী তথা সুৰকাৰ হেমন্ত কুমাৰ মুখাৰ্জীৰ ৬৯ বছৰ বয়সত মৃত্যু।
➡️১৯৪২ দেশৰ বিজ্ঞান গৱেষণাৰ উন্নতি সাধন, পৰামৰ্শ তথা সংযোগ ৰক্ষাৰ বাবে ভাৰত চৰকাৰৰ বাণিজ্য মন্ত্ৰালয়ৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ (Council of Scientific and Industrial Research) গঠন।
➡️১৮৯১ আন্তর্জাতিক খ্যাতিসম্পন্ন বেহেলাবাদক চাৰ্লছ মুংকৰ জন্ম।
➡️১৯৯০ ইটালীৰ প্ৰখ্যাত সাহিত্যিক আলবেয়াৰ মোৰাভিয়াৰ মৃত্যু। ‘টু ৱমেন’ (১৯৭৪) তেওঁৰ প্ৰসিদ্ধ ৰচনা।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like