আজি ২৭ ছেপ্টেম্বৰ

আজি ২৭ ছেপ্টেম্বৰ

⏩বিশ্ব পর্যটন দিবস।
⏩১২৯০ চীনত প্রবল ভূমিকম্প। প্রায় এক লাখ লোকৰ মৃত্যু।
⏩১৭৬০ মীৰজাফৰক গাদীচ্যুত কৰি মীৰকাছিম বংগৰ নবাব।
⏩১৮২৫ ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্রীবাহী আৰু মালবাহী ৰে’লগাড়ীৰ চলাচল আৰম্ভ।
⏩১৮৩৩ সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যু।
⏩১৮৭০ ইটালীৰ গল্প লেখিকা আৰু ঔপন্যাসিক গ্রাছিয়া ডেলেড্ডাৰ জন্ম। ১৯২৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
⏩১৯০৭ ভাৰতীয় বিপ্লৱী ভগৎ সিঙৰ জন্ম।
⏩১৯২২ সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম।
⏩১৯৩২ চলচ্চিত্ৰ পৰিচালক যশ চোপ্ৰাৰ জন্ম। পৰিচালিত উল্লেখযোগ্য ছবি ‘রক্ত’, ‘দিৱাৰ’, ‘লমহে’, ‘ডৰ’, ‘দিল তো পাগল হ্যে’ আদি।
⏩১৯৫৮ ভাৰতৰ মিহিৰ সেনৰ ইংলিছ চেনেল (৩৪ কিলোমিটাৰ) সাঁতুৰি অতিক্রম। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তেৱেঁই প্ৰথম ভাৰতীয়।
⏩১৯৯৮ জার্মানীত নির্বাচন। হেলমুট কোল পৰাজিত। ২০০১ ষ্টুডেন্টছ ইছলামিক মুভমেন্ট অব ইণ্ডিয়াৰ (ছিমি) ওপৰত কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা।
⏩২০০২ পূব টিমোৰক ৰাষ্ট্ৰসংঘৰ ১৯১তম সদস্যৰাষ্ট্ৰ ৰূপে স্বীকৃতি।
⏩২০০৩ বিশ্বত প্রথমবাৰৰ বাবে বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন।

You might also like
Leave A Reply

Your email address will not be published.