প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন উপলক্ষে “গছৰ দিন” উদ্‌যাপন

গছপুলি ৰোপণ নৱপ্ৰজন্মৰ বাবে উৎসৱলৈ ৰূপান্তৰ হওক ৷ এই আহ্বান বিশিষ্ট প্ৰকৃতিপ্ৰেমী অসম চৰকাৰৰ বনবিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰৰ ৷
আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭৪ সংখ্যক জন্মদিন উপলক্ষে স্বেচ্ছাসেৱী সংগঠন “গ্ৰীণ মিচন বজালী”ৰ উদ্যোগত আৰু স্বচ্ছ গাওঁ হিচাপে পৰিচিত নিচানগ্ৰাম গাওঁবাসীৰ সহযোগত “গছৰ দিন” উদ্‌যাপন কৰি নৱপ্ৰজন্মলৈ এই আহ্বান জনালে প্ৰকৃতিপ্ৰেমী গৰাকীয়ে ৷

বৰ্তমানলৈ সমগ্ৰ অসমত ডেৰ লক্ষাধিক গছপুলি ৰোপণ কৰি পৃথিৱী খনক গোলকীয় উত্তাপৰ পৰা ৰক্ষা কৰাৰ বাবে গছপুলি ৰোপণেৰে দায়িত্ব পালন কৰি আহিছে আনন্দ খাটনিয়াৰে ৷ প্ৰকৃতিপ্ৰেমী গৰাকীয়ে দহজোপা গছপুলি ৰোপণ কৰি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ ওপজা দিন উদ্‌যাপন কৰি কয় যে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা নিচানগ্ৰামত ৰোপণ কৰা গছবোৰ ডাঙৰ হলে সংকটৰ গৰাহত থকা ৰোগাগ্ৰস্ত পৃথিৱীখনক সুস্থ কৰি ৰখাত মুখ্য ভুমিকা গ্ৰহণ কৰিব ৷

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক মুকুল ৰাভাই আঁত ধৰা অনুষ্ঠানত দুধনৈ শাখা এলআইচিৰ বিষয়ববীয়া, নিচানগ্ৰাম গাঁৱৰ ৰাইজ উপস্থিত থাকে ৷

You might also like
Leave A Reply

Your email address will not be published.