ASSAM | ULFA chief Paresh Baruah: অনাহুত বিপদত পৰেশ বৰুৱা বাহিনী

ULFA chief Paresh Baruah

অনাহুত বিপদত পৰেশ বৰুৱা বাহিনী

নিউজ ডেস্ক: ম্যানমাৰত ডাঙৰ বিপদৰ সন্মুখীন হৈছে পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন শিবিৰ। দিনদিয়েক পূৰ্বে পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ অৰুণোদয়ত অসমে আত্মসমৰ্পন কৰাৰ পিছত এতিয়া নগা বিদ্ৰোহী সংগঠনে প্ৰায় সংগ ত্যাগ কৰিছে আলফা স্বাধীনৰ। ভাৰতীয় সেনাই ম্যানমাৰত থকা আলফা স্বাধীনৰ শিবিৰত ড্ৰোণ আক্ৰমণ কৰাৰ পিছতেই বিপদৰ সন্মুখীন হৈছে উগ্ৰপন্থী সংগঠনটো।

উক্ত ড্ৰোণ আক্ৰমণত আলফা স্বাধীনৰ কেইবাটাও শিবিৰ ধ্বংস হোৱাৰ পৰিপেক্ষিতত সংগঠনটোৰ নেতা-কেডাৰসকলে সেই স্থান এৰি আন ঠাইত আত্মগোপন কৰিবলগীয়া হৈছে। বহুতে বিশেষকৈ ভাৰত-ম্যানমাৰ সীমান্ত পাৰ হৈ অৰুণাচল প্ৰদেশত বাহৰ পাতিছে। ইফালে অৰুণাচল প্ৰদেশতো ভাৰতীয় সেনাই আলফা বিৰোধী অভিযান তীব্ৰতৰ কৰিছে। ফলত নিৰুপায় হৈ অৰুণোদয় অসমৰ লগতে কেইবাজনো কেডাৰে অৰুণাচল প্ৰদেশত বিগত কেইদিনত আত্মসমৰ্পন কৰিবলৈ বাধ্য হৈছে।

কিন্তু বৰ্তমানেও যিসকল নেতা-কেডাৰ ম্যানমাৰত আছে তেওঁলোকে এতিয়া আশ্ৰয়ৰ বাবে আন বিদ্ৰোহী সংগঠনৰ কাষ চাপিবলগীয়া হৈছে। তথ্য অনুসৰি আলফা স্বাধীনে কেইবাটাও নগা বিদ্ৰোহী সংগঠনৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিছে। NSCN-K-YA তথা আং মাই গোটৰ সংগঠনৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে। সেয়ে আলফা স্বাধীনে নিজৰ শিবিৰ ড্ৰোণ আক্ৰমণত ধ্বংস হোৱাৰ বাবে নগা বিদ্ৰোহীৰ শিবিৰ ব্যৱহাৰ কৰাৰ বাবে কাষ চাপে। কেইদিনমান নগা বিদ্ৰোহী গোটৰ সৈতে আলফা স্বাধীনৰ নেতা-কেডাৰ থাকে যদিও এতিয়া নগা বিদ্ৰোহীয়ে আলফাক নিজৰ লগত ৰাখিব বিচৰা নাই। নগা উগ্ৰপন্থী সংগঠনকেইটাই নিজৰ সুৰক্ষাৰ কথা উনুকিয়াই দি আলফা স্বাধীনক তেওঁলোকৰ শিবিৰ এৰাৰ বাবে আহ্বান জনায়। হঠাতে নগা বিদ্ৰোহীয়ে এই স্থিতি গ্ৰহণ কৰাত স্বাভাৱিকতে বিপদত পৰিছে সংগঠনটো।

জানিব পৰা মতে নাগালেণ্ডৰ জনতাৰ তৰফৰ পৰাও আলফা স্বাধীনক লগত লাগিলে নগা বিদ্ৰোহী সংগঠনৰ বিপদ হব পাৰে বুলি ইংগিত দিছে। সেয়ে এতিয়া মিত্ৰ হৈয়ো নিজৰ বিপদৰ চিন্তা কৰি আলফা স্বাধীনক শিবিৰত ৰাখিবলৈ অনিচ্ছুক হৈছে সংগঠনকেইটা। এয়া ভাৰত চৰকাৰৰ কৌশলী নীতি নে আলফা স্বাধীনক অকলশৰীয়া কৰাৰ তৎপৰতা সেয়া মন কৰিবলগীয়া।

লগতে পঢ়ক: Assam | Dr. Mohan Bhagwat: RSSৰ মূল উদ্দেশ্য‌ই হৈছে এখন শক্তিশালী ভাৰত গঢ়ি তোলা – ডা: মোহন ভাগৱত

You might also like
Leave A Reply

Your email address will not be published.