মাৰ্ঘেৰিটাত দুদিনীয়াকৈ বিশ্ব ফটোগ্ৰাফী দিৱস

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বৰ্ষজোৰা সোনালী জয়ন্তী কাৰ্যসূচীৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা অনুষ্ঠিত কৰিছে। সাংবাদিক সংস্থাৰ উদ্যোগত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত আজিৰে পৰা আৰম্ভ হৈছে দুদিনীয়া কাৰ্যসূচীৰে বিশ্ব ফটোগ্ৰাফী দিৱস।

আজি পুৱা সদৌ অসম ভিত্তিত মুকলি চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয় ।
প্ৰতিযোগিতা খনি উদ্বোধন কৰে মাৰ্ঘেৰিটা পৌৰসভাৰ পৌৰপতি আনন্দ কুমাৰ শৰ্মাই। তিনিটা শাখাত প্ৰতিযোগিতা খনত দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে চিত্ৰ আৰু ফটোগ্ৰাফী প্ৰদৰ্শনী উদ্বোধন কৰে বিশিষ্ট চিত্ৰশিল্পী জগত চাংমাইয়ে ।
দুপৰীয়া ১২ঃ৩০ বজাৰ অনুষ্ঠিত হোৱা ফটোগ্ৰাফী কৰ্মশালত সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰে জ্যেষ্ঠ আলোক চিত্ৰ শিল্পী অশ্বিনী বৰকটকীয়ে।

কৰ্মশালাত ভালেসংখ্যক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।
কালিলৈ দ্বিতীয় দিনা আলোচনা চক্ৰ, সাংবাদিক সকলৰ কীৰ্তি সন্তান সকলক অভিনন্দন অনুষ্ঠান আদি অনুষ্ঠিত হ’ব।।

You might also like
Leave A Reply

Your email address will not be published.