অন্ধ্ৰপ্ৰদেশত ভয়াৱহ দুৰ্ঘটনা!

নেচনেল ডেস্ক:

ন্ধ্ৰপ্ৰদেশৰ অনকৃষ্ণগিৰি জিলাৰ কাবেৰিপট্টিনমত ভয়াৱহ দুৰ্ঘটনা। এখন অমনিবাছে তীব্ৰ গতিত আহি এখন ট্ৰেক্টৰত খুন্দা মাৰাৰ ফলত সংঘটিত হৈছে এই দুৰ্ঘটনা। ফলত তিনি মাহৰ কন্যা সন্তানসহ পাঁচজন লোকৰ থিতাতে মৃত্যু হয়।আনহাতে গুৰুতৰভাৱে আহত হয় আন ৭ জনকৈ লোক।

চাভালুৰ গাঁৱৰ নৱজাতকসহ প্ৰায় ১২ জন লোকক কঢ়িয়াই নিয়া ট্ৰেক্টৰখন অন্ধ্ৰপ্ৰদেশৰ এখন গাঁৱলৈ গৈ থকা অৱস্হাত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো। ঘটনাস্হলীত আৰক্ষী উপস্হিত হৈ আঘাতপ্ৰাপ্ত ৭ জন লোকক কৃষ্ণগিৰিৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তী কৰে। আনহাতে নিহত সকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিতসালয়লৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বাছখনৰ চালকজনক আটক কৰে।।

You might also like
Leave A Reply

Your email address will not be published.