উত্তৰ প্ৰদেশত জালনোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান!

আৰক্ষীয়ে জালনোট সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে তিনিজন!

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ ভোজিপুৰাত জালনোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান। আৰক্ষীয়ে জালনোট সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰে তিনিজন যুৱকক।বিশেষ টাস্ক ফ’ৰ্চ আৰু স্থানীয় আৰক্ষীৰ এটা যুটীয়া দলে গ্ৰেপ্তাৰ কৰে তিনি যুৱকক। তিনি যুৱকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৭ লাখ টকাৰ জাল নোট । আৰক্ষীৰ জালত ভৰপাৰা খুজাৰিয়া গাঁৱৰ হৰবংশী সিং ওৰফে চনু, গুৰনাম আৰু ছাদ্দাম হুছেইন । আৰক্ষীৰ জেৰাত তিনি যুৱকে নেপাল, দিল্লী, উত্তৰাখণ্ড আৰু পশ্চিম বংগত জাল নোটৰ বেহা চলাই থকাৰ থকা কথা স্বীকাৰ কৰে । দলটোৱে ১ লাখ টকাৰ প্ৰকৃত নোটৰ বিনিময়ত ৩ লাখ টকাৰ জালনোট প্ৰদান কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।।

You might also like
Leave A Reply

Your email address will not be published.