চত্তিশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা!

চত্তিশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা যাত্ৰীবাহী পিকআপ ভেন আৰু ট্ৰাকৰ মাজত!

নেচনেল ডেস্ক:

ত্তিশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে নিশা যাত্ৰীবাহী পিকআপ ভেন আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত চাৰি শিশুসহ কমেও ১১ গৰাকী লোক নিহত। আনহাতে দুৰ্ঘটনাত আহত হয় আন কেইবাগৰাকী লোক। এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় চত্তিশগড়ৰ বলোদাবাজাৰ-ভাটাপাৰা জিলাত।

দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে। আনহাতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অৰ্জুনিৰ পৰা ছিমগাৰ খিলোৰা গাঁৱলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।।

You might also like
Leave A Reply

Your email address will not be published.